spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াপাকিস্তানক লৈ চিন্তিত কেন্দ্ৰীয় মন্ত্ৰী,চেম্পিয়নছ ট্ৰফীত অনিশ্চিত ভাৰত

পাকিস্তানক লৈ চিন্তিত কেন্দ্ৰীয় মন্ত্ৰী,চেম্পিয়নছ ট্ৰফীত অনিশ্চিত ভাৰত

নতুন দিল্লীঃ চৰম সংকটত পাকিস্তান। চেম্পিয়নছ ট্ৰফী আয়োজনৰ দায়িত্ব দিয়াৰ এদিন পাছতে গভীৰ সমস্যাত পৰিছে পাকিস্তান। পাকিস্তানক লৈ উদ্বিগ্ন ভাৰতো। কাৰণ বিৰাট কোহলী, ৰোহিত শৰ্মাৰ ভাৰতীয় দলে পাকিস্তানলৈ খেলিব যাব নে নাই তাক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। উল্লেখ্য যে, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আয়োজনৰ দায়িত্ব অৰ্পণ কৰা হৈছে পাকিস্তানক। কিন্তু কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় দলটোক পাকিস্তানত খেলিবলৈ যোৱাৰ অনুমতি প্ৰদান নকৰিবও পাৰে। শেহতীয়াকৈ, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে এইবিষয়ে সদৰী কৰিছে। এটা পোষ্টযোগে তেওঁ কয়. ‘কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থা ভালদৰে পৰীক্ষা কৰাৰ পাছতহে সিদ্ধান্ত ল’ব। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আগতে সদৰী কৰিছিল যে, ইমান ডাঙৰ প্ৰতিযোগিতাত সকলো দিশৰ পৰা চিন্তা কৰিবলগীয়া হয়। বহুতো দেশে শেহতীয়াকৈ পাকিস্তান ভ্ৰমণ বাতিল কৰিছে। পাকিস্তানৰ অস্বাভাৱিক পৰিস্থিতিৰ বাবে কোনো দেশে খেলিবলৈ যাব নিবিচাৰে। ক্ৰিকেট দলক আক্ৰমণ কৰাৰ হৈছিল।

পাকিস্তানত খেলাতকৈ সুৰক্ষা আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় হৈ পৰে। বিশ্বাসত ল’ব নোৱাৰি পাকিস্তানক । গতিকে, চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতে পাকিস্তানলৈ যাব নে নাই সেয়া সময় আহিলে পৰিস্থিতিটো পৰ্যালোচনা কৰাৰ পাছত সিদ্ধান্ত লোৱা হ’ব।’ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে দুদিন পূৰ্বে কৈছিল যে, ভাৰত-পাকিস্তানৰ মাজত দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা অনুষ্ঠিত হ’ব নে নহয় সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। এই সন্দৰ্ভত তেওঁৰ বা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই কৰিবলগীয়া একো নাই।’ শেষবাৰৰ বাবে পাকিস্তানত আইচিচি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ১৯৯৬ চনত। ১৯৯৬চনত ভাৰত,শ্ৰীলংকাৰ লগতে পাকিস্তানতো বিশ্বকাপ অনুষ্ঠিত হৈছিল। ২০০৮ চনৰ এছিয়া কাপৰ পাছত ভাৰত আৰু পাকিস্তানত খেলিবলৈ যোৱা নাই। দুয়োখন দেশৰ মাজত অন্তিমখন দ্বিপাক্ষিক শৃংখলা ২০০৫-০৬ বৰ্ষত পাকিস্তানতে অনুষ্ঠিত হৈছিল। ইফালে, পাকিস্তানে শেষবাৰৰ বাবে ২০১২-১৩ বৰ্ষত দ্বিপাক্ষিক শৃংখলা খেলিবলৈ ভাৰতলৈ আহিছিল। তেতিয়াৰ পৰা দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক শৃংখলা বন্ধ হৈ আছে। চেম্পিয়নছ ট্ৰফীয়ে আশাৰ বতৰা কঢ়িয়াই আনিলেও এই ধৰণৰ খবৰে সৃষ্টি কৰিছে গভীৰ অনিশ্চয়তাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular