spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকপত্নীক উদ্ধাৰ কৰি ক’ত হেৰাই গ’ল ইন্দ্ৰেশ্বৰ বৰা? কি আছে উদ্ধাৰ হোৱা...

পত্নীক উদ্ধাৰ কৰি ক’ত হেৰাই গ’ল ইন্দ্ৰেশ্বৰ বৰা? কি আছে উদ্ধাৰ হোৱা বেগত

বিশ্বনাথ : মাজুলীৰ নিমাতী ঘাটত বুধবাৰে সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাই জোকাৰি আছে সমগ্ৰ ৰাজ্য। শতযাত্ৰীক কঢ়িয়াই লৈ যোৱা ফেৰীৰ অথাই নদীত ডুব যোৱাৰ লগে লগে সৃষ্টি হৈছিল অন্তহীন কাৰুণ্য আৰু সংশয়ৰ পৰিৱেশ। এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে পৰিমিতা দাস নামৰ সম্ভাৱনাপূৰ্ণ যুৱতী তথা প্ৰবক্তাগৰাকীৰ জীৱন। এতিয়াও দুজন লোক সন্ধানহীন হৈ আছে। সন্ধানহীন লোক দুজনৰ ভিতৰত অন্যতম হৈছে নাওবৈচাৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ শিক্ষকগৰাকী। বৰাৰ সৈতে নাৱত যাত্ৰা কৰিছিল ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰাই। ঢেকীয়াখোৱা নামঘৰত সেৱা লৈ পত্নীৰ সৈতে মাজুলী হৈ ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হৈছিল দুৰ্ঘটনাটো।

পত্নী ৰূপৰেখা বৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ইন্দ্ৰেশ্বৰ বৰাই। তাৰ পাছত নিজৰ জীৱন ৰক্ষাৰ কথা আগস্থান নিদি তেওঁ চেষ্টা কৰিছিল আন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰাৰ। কিন্তু নিজৰ জীৱন ৰক্ষা কৰাত সফল নহ’ল ইন্দ্ৰেশ্বৰ বৰা। পত্নীক অথাই জলধিৰ পৰা ৰক্ষা কৰি তেওঁ হেৰাই গ’ল মহাবাহুৰ বুকুত। আজিও তেওঁৰ কোনো সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে। আজি নৈৰ বুকুৰপৰা উদ্ধাৰ হৈছে এটা বিশেষ বেগ। হেৰাই যোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বুলি ধাৰণা কৰা বেগটো উদ্ধাৰ হৈছে ছোৱাগুৰিৰ ১নং মথাউৰিৰ দাঁতিত। নুৰ মহম্মদ আৰু ছাহজাহান আলী নামৰ দুই স্থানীয় লোকে ভালেমান নথি-পত্ৰ থকা বেগটো আজি পুৱাৰ ভাগত দেখা পাইছিল।

পাছত স্থানীয় নদী আৰক্ষী বাহিনীৰ লগতে বিশ্বনাথ চাৰিআলি আৰক্ষীৰ দল উপস্থিত হৈ বেগটো উদ্ধাৰ কৰে। ইন্দ্ৰেশ্বৰ বৰাৰ হাতৰ পৰা উটি যোৱা বুলি সন্দেহ কৰা বেগটোত উদ্ধাৰ হৈছে বৰাৰ পত্নীৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, কাপোৰৰ লগতে অন্যান্য সামগ্ৰী। ইন্দ্ৰেশ্বৰ বৰাৰ কুশল প্ৰত্যাৱৰ্তনৰ বাবে আশা পালি থকা তেওঁৰ পত্নী তথা শুভাকাংক্ষীৰ বাবে এই বেগটো এতিয়া হৈ পৰিছে আশা-নিৰাশা দুয়োটাৰে প্ৰতীকস্বৰূপ। বেগটোৱে ইন্দ্ৰেশ্বৰ বৰাৰ শেষ স্মৃতিৰ স্বাক্ষৰ বহন কৰাৰ লগতে তেওঁলৈ কৰি থকা অপেক্ষাক অধিক আকুলতা আৰু কৰুণতাৰে সিক্ত কৰি তুলিলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm with light rain
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
28 °
Fri
28 °
Sat
29 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular