spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকআনৰ জীৱন ৰক্ষা কৰি পঞ্চভূতত বিলীন ইন্দ্ৰেশ্বৰ বৰা

আনৰ জীৱন ৰক্ষা কৰি পঞ্চভূতত বিলীন ইন্দ্ৰেশ্বৰ বৰা

লখিমপুৰ : এক চৰম শোকাকুল পৰিবেশত শেষকৃত্য সম্পন্ন হ’ল নিমাতীৰ নাও দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ৷ দুৰ্ঘটনাত সন্ধানহীন ইন্দ্ৰেশ্বৰৰ মৃতদেহ তিনিটা দিন অতিক্ৰম কৰাৰ পাছত আজি বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱাৰ পাছত সন্ধিয়া লখিমপুৰৰ ৰামপুৰস্থিত স্বগৃহলৈ অনা হয়৷

স্বগৃহত পোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ৷ ৰাইজে অশ্ৰসিক্ত নয়নেৰে চিতাত তোলে শিক্ষক ইন্দ্ৰেশ্বৰ মৃতদেহ৷ ভটিজাই মুখাগ্নি কৰাৰ পাছতে পঞ্চভূতত বিলীন হয় ইন্দ্ৰেশ্বৰ বৰাৰ নশ্বৰদেহ৷

উল্লেখ্য যে বিয়লিৰ ভাগত মন্ত্রী ৰনোজ পেগু,সাংসদ প্ৰদান বৰুৱা, জিলাৰ উপায়ুক্ত আদিও তেওঁৰ ঘৰত উপস্থিত হৈ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালত সংস্থাপনৰ ব্যৱস্থা কৰাৰ উপৰিও লখিমপুৰৰ বিভিন্ন নদীৰ ওপৰত দলং নিৰ্মাণ প্ৰক্ৰিয়া ত্বৰাম্বিত কৰাৰ আশ্বাস দিয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
27 °
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular