spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকঅমানৱীয়! নৱজাতকক হাস্পতালতে এৰি অন্তৰ্ধান পিতৃ-মাতৃ

অমানৱীয়! নৱজাতকক হাস্পতালতে এৰি অন্তৰ্ধান পিতৃ-মাতৃ

ডিজিটেল ডেস্ক: ‘বেটী বচাওঁ, বেটী পঢ়াওঁ’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বাৰ্তাৰ বিপৰীত দৃশ্য দেখা গ’ল শিলচৰত। ত্ৰিপুৰাৰ এক পিতৃ-মাতৃয়ে তেওঁলোকৰ পাঁচদিনীয়া এটি কন্যা নৱজাতকক হাস্পতালতে পেলাই দিয়াৰ বাবে এজন ছুইপাৰৰ হাতত দি পলায়ন কৰে। এই হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল শিলচৰৰ নাৰী শিক্ষা আশ্ৰম নামৰ এখন হাস্পতালখনত। কিন্তু অসমীয়াত এষাৰ কথা আছে যে, ‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে…’। দুই যুৱকৰ কাৰণে ছুইপাৰৰ হাতৰ পৰা কথমপি ৰক্ষা পৰিল দেৱ শিশুটি।

এই ঘটনাক লৈ শুকুৰবাৰৰ সন্ধিয়া শিলচৰত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে শিশুটি পেলাবলৈ লৈ যোৱা ছুইপাৰজনক আটক কৰি থানালৈ লৈ যায়। আনহাতে, পাঁচদিনীয়া কন্যা শিশুটিক হাস্পতাল কৰ্তৃপক্ষই চমজি লৈ ভৰ্তি কৰিছে এনআইচিইউত।

জানিব পৰা মতে, বিগত ৩১ ডিচেম্বৰত শিলচৰৰ ‘শিৱ সুন্দৰী নাৰী শিক্ষা আশ্রম’ নামৰ এখন হাস্পতালত ভৰ্তি কৰে ত্রিপুৰাৰ দেওয়ানপাশাৰ দ্বিগবিজয় দাস নামৰ এজন ব্যক্তিয়ে তেওঁৰ গৰ্ভৱতী পত্নী শম্পি দাসক। মহিলাগৰাকীয়ে ২ জানুৱাৰীত হাস্পতালত জন্ম দিছিল এটি কন্যা সন্তান। জন্মৰ সময়ত কন্যা শিশুটিৰ ভৰি দুখন অলপ বেঁকা আছিল।

উল্লেখ্য যে, শুকুৰবাৰে শিশু আৰু প্রসূতি মাতৃগৰাকীক হাস্পতালৰ পৰা ডিচাৰ্জ দিয়া হৈছিল। ডিচাৰ্জ দিয়াৰ পাছত হাস্পতালৰ বাহিৰত শিশুটিক গটাই দিছিল হাস্পতালৰে সঞ্জয় ৰয় নামৰ এজন ছুইপাৰৰ হাতত। লগতে তেওঁক এই কামৰ বাবে দিয়া হৈছিল ৫০০ টকা। কন্যা সন্তান হোৱাৰ বাবেই শিশুটিক পেলাই দিবলৈ গটাই দিছিল ছুইপাৰজনৰ হাতত বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। শিশুটিক ছুইপাৰজনৰ হাতত গটাই দি তাৰ পৰা অন্তৰ্ধান হৈছিল পিতৃ-মাতৃ দুয়ো।

ইয়াৰ পাছতে সন্ধিয়াৰ ভাগত অন্ধকাৰৰ সুযোগ লৈ শিশুটিক পেলাই দিবলৈ যাওঁতেই ৰাইজৰ হাতত ধৰা পৰিছিল ছুইপাৰজন। আনহাতে, হাস্পতালখনৰ প্রশাসনিক বিষয়া পুলক ৰয়ে কয় যে, ‘শিশুটি বৰ্তমান হাস্পতালৰ এনআইচিইউত ভৰ্তি কৰা হৈছে আৰু সম্পূৰ্ণ সুস্থ অৱস্হাত আছে নৱজাতকটি।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular