Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeক্ৰীড়াএটা ইনষ্টাগ্ৰাম প’ষ্টৰ বাবে ১১ কোটি! কোন কোন তাৰকাই গঢ়িছে অভিলেখ?

এটা ইনষ্টাগ্ৰাম প’ষ্টৰ বাবে ১১ কোটি! কোন কোন তাৰকাই গঢ়িছে অভিলেখ?

নতুন দিল্লী : হ’পাৰ-এইছকিউ-এ ২০২১বৰ্ষৰ ইনষ্টাগ্ৰামৰ ধনাঢ্যৰ তালিকা প্ৰকাশ কৰিছে।তালিকাৰ শীৰ্ষত আছে তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো। ফটো আৰু ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মটোত সৰ্বাধিক উপাৰ্জন কৰা তাৰকা হিচাপে চিহ্নিত হৈছে পৰ্তুগীজ ফুটবলাৰগৰাকী। ইংলেণ্ডৰ ছ’চিয়েল মিডিয়া মেনেজমেণ্ট কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, ৰ’নাল্ডোই ইনষ্টাগ্ৰামৰ এটা পষ্টৰ জৰিয়তে ১১কোটিতকৈ বেছি টকা উপাৰ্জন কৰে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নামো অন্তৰ্ভুক্ত ‘ইনষ্টাগ্ৰাম ৰিচ্ লিষ্ট’ৰ শীৰ্ষ ২০-ত। একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে এই কৃতিত্ব অৰ্জন কোহলীৰ। শীৰ্ষ ২০ তালিকাৰ ১৯নম্বৰত আছে বিশ্ব ক্ৰিকেটৰ মহাতাৰকাগৰাকী। আনহাতে, তালিকাৰ ২০ নম্বৰ স্থানত আছে আমেৰিকাৰ খ্যাতনামা সংগীতশিল্পী ডেমী ল’ভাটো।


হ’পাৰ-এইছকিউৱ-এৰ মতে বিৰাট কোহলীয়ে প্ৰতিটো ইনষ্টাগ্ৰাম পোষ্টৰ পৰা প্ৰায় ৫কোটি উপাৰ্জন কৰে। ইনষ্টাগ্ৰামত কোহলী অনুৰাগীৰ সংখ্যা ১৩২ নিযুত। বিগত বছৰৰ তুলনাত অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে কোহলীৰ। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ ২৩ নম্বৰত আছে বিৰাট কোহলী।আনহাতে, ভাৰতীয় চলচিত্ৰ জগতৰ তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই প্ৰতিটো পষ্টৰ পৰা লাভ কৰা উপাৰ্জনৰ পৰিমাণ প্ৰায় ৩ কোটি।

প্ৰিয়ংকাৰ ইনষ্টাগ্ৰাম অনুৰাগীৰ সংখ্যা ৬৫ নিযুত। তালিকাৰ ২৭ নম্বৰ স্থানত আছে মোহময়ী অভিনেত্ৰীগৰাকী।
হ’পাৰ-এইছকিউৰ ইনষ্টাগ্ৰামৰ ধনাঢ্য তাৰকাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৩৯৫জন বিভিন্ন ক্ষেত্ৰৰ তাৰকাৰ নামবিগত বছৰত মল্লযুঁজাৰু তথা অভিনেতা ড’ৱেন ‘দ্য ৰক’ জনছন তালিকাৰ শীৰ্ষত আছিল। চলিত বৰ্ষত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ হাতত তেওঁ শীৰ্ষস্থান হেৰুৱাই দ্বিতীয় স্থানত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular