Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিকমাতৃ ভাষাত হ'ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

ঢেকিয়াজুলি : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান – এই গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ ঢেকীয়াজুলিৰ সমাৱেশত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে মতপোষণ কৰে৷ অসমত হিংসাদ্বেষ আঁতৰাই উন্নয়নৰ পথত আগুৱঢ়াবলৈ বিজেপি চৰকাৰে বহু কাম কৰিছে বুলি মন্তব্য তেওঁৰ৷

আৰু পঢ়িব পাৰিব :নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি?

ইপিনে বিশ্বনাথ, চৰাইদেউৰ চিকিৎসা মহাবিদ্যালয়ক লৈ উৎসাহী মোদী আনহাতে ‘অসম মালা’ আঁচনিৰ বৃহৎ বিনিয়োগক বিজপিৰ৷ স্থানীয় ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ গুৱাহাটী হ’ব আধুনিক চিকিৎসাৰ কেন্দ্ৰবিন্দু৷ চাংসাৰিৰ AIIMS হ’ব পূৰ্বোত্তৰৰ ভৰসা৷ আয়ুস্মান ভাৰতৰ বাবে সকাহ পাইছে সৰ্বসাধাৰণে বুলি মতপোষণ মোদীৰ৷ ইপিনে চাহ শ্ৰমিকৰ উন্নয়নত গুৰুত্ব দিছে দিছপুৰে৷

আৰু পঢ়িব পাৰিব :‘সাহসৰ অনন্ত সিন্ধু’- সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ

গৰ্ভৱতী চাহ শ্ৰমিকলৈ বিশেষ চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব৷ বাজেটতো চাহ শ্ৰমিকৰ বাবে ঘোষিত হৈছে এহেজাৰ কোটি বুলিও মন্তব্য তেওঁ৷ ভাৰতৰ চাহক বদনাম কৰিবলৈ চক্ৰান্ত চলিছে বুলিও অভিযোগ মোদীৰ৷ ‘অসম মালা’ যোজনাৰে সমৃদ্ধ হ‍’ব অসম৷ দেশৰ অন্য ৰাজ্যৰে উন্নত পথেৰে অসমৰ যোগাযোগ৷ ৰূপকোঁৱৰৰ কবিতাৰ পংক্তিৰে উন্নয়নৰ বাৰ্তা মোদীৰ৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
27 ° C
27 °
27 °
89 %
1.5kmh
90 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular