spot_img
29 C
Guwahati
Sunday, September 19, 2021
spot_img
Homeআঞ্চলিকনতুন এছঅ’পিত কি নিৰ্দেশনা পৰিবহণ-যাতায়াত ব্যৱস্থাত ?

নতুন এছঅ’পিত কি নিৰ্দেশনা পৰিবহণ-যাতায়াত ব্যৱস্থাত ?

গুৱাহাটী : কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়াত মুকলি কৰে। আজি ঘোষণা কৰা নতুন এছঅ’পিত আন্তঃ জিলা আৰু আন্তঃ জিলা যাতায়াতৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহণত অনুমতি দিয়ে। কিন্তু কোনো যাত্ৰী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্তভাৱে থিয় কৰি যাত্ৰী নিব নোৱাৰিব।
যাত্ৰী থিয় কৰি নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

ইয়াৰ উপৰি কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা আৰু আন্তঃ জিলা যাতায়াত কৰিব পাৰিব। সকলোৰে বাবে মাস্ক বাধ্যতামূলক। অটোৰিক্সা, চাইকেল, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহণত অনুমতি দিয়ে। অৱশ্যে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী-চালকৰ বাবে বাধ্যতামূলক। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। মাস্ক বাধ্যতামূলক।

ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক। মাথোঁ এজনে যাত্ৰা কৰিলেও পিন্ধিব লাগিব মাস্ক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
29 ° C
30.4 °
29 °
79 %
0kmh
75 %
Sun
31 °
Mon
31 °
Tue
31 °
Wed
31 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular