ভাৰতত নিৰ্মাণ হ’ব আইফোন-১১ : উদ্যোগ মন্ত্ৰীৰ ঘোষণা

চেন্নাই : এইবাৰ ভাৰতত নিৰ্মাণ হ’ব আইফোন-১১৷ বিশ্বৰ জনপ্ৰিয় ব্ৰেণ্ড এপ’লে চেন্নাইত থকা ফক্সকনৰ প্লেণ্টত আইফোনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছে বুলি জানিবলৈ দিয়ে।

আৰু পঢ়িব পাৰিব: মিজোৰামৰ চেম্ফাইৰ বিভিন্ন স্থানত ভূমিস্খলন! আতংকিত জনসাধাৰণ

জানিব পৰা মতে ভাৰতত নিৰ্মাণ কৰা আইফোন ১১ উদ্যোগটোৰ পৰা দোকানসমূহলৈও পঠিওৱা হৈছে। উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে টুইটযোগে কয়, “মেক ইন ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি! এপ’লে ভাৰতত আইফোন-১১ৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিলে। দেশত প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ স্মাৰ্টফোন প্ৰতিষ্ঠানৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে৷”

আৰু পঢ়িব পাৰিব: আৰক্ষীৰ পোছাক পৰিধান কৰি সাংবাদিকক হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ

মহামাৰীৰ সংক্ৰমণৰ সময়তে ভাৰত চৰকাৰৰ তৰফৰ পৰাও এনে উদ্যোগসমূহক আকৰ্ষিত কৰাৰ বাবে বিভিন্নধৰণে চেষ্টা চলায় থকা হৈছে বুলি উদ্যোগমন্ত্ৰীয়ে মতপ্ৰকাশ কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES