spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeক্ৰীড়াআইপিএলত বিৰাট মন্ত্ৰণা! কঁকাল বান্ধিব পাৰিবনে ঈশানে?

আইপিএলত বিৰাট মন্ত্ৰণা! কঁকাল বান্ধিব পাৰিবনে ঈশানে?

নতুন দিল্লীঃ জ্যেষ্ঠ ক্ৰিকেটাৰ সকলৰ পৰা কনিষ্ঠ সকলে প্ৰশিক্ষণ লোৱা প্ৰায়ে দেখিবলৈ পোৱা যায়। আইপিএলত সেই ছবিখন আৰু বেছি সুলভ হৈ পৰে। খেলুৱৈজন একে দলৰে হওক নতুবা বিপক্ষ দলৰ সেইটো ইমান তাত্‍পৰ্য বহন কৰা দেখা নাযায়। ধোনী, ৰোহিত কিম্বা বিৰাট কোহলীৰ দৰে তাৰকাৰ পৰা কিবা নতুন শিকাৰ আগ্ৰহ সদায় থাকে জুনিয়ৰ ক্ৰিকেটাৰ সকলৰ, থকাটো স্বাভাৱিক। পুনৰ তেনে এক দৃশ্যই দেখিবলৈ পোৱা গ’ল চলিত আইপিএলত। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত খেলখনত তেনে এখন ছবিয়েই শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।

আইপিএলৰ দ্বিতীয় ছিজনৰ আৰম্ভণিৰ পৰাই ফৰ্মত নাই ঈশান কিষান। আশানুৰূপ ৰান অহা না‌ই ঈশানৰ বেটৰ পৰা। খেলৰ শেষত ভাগি পৰিছিল খেলুৱৈগৰাকী। সেইসময়ত ঈশানৰ সাহস হৈ থিয় দিয়ে বিৰাট কোহলী। খেলৰ শেষত মুম্বাই ইণ্ডিয়ানছৰ উইকেটকীপাৰ গৰাকীৰ সৈতে বাৰ্তালাপ কৰে বিৰাটে। জানিবলৈ পোৱা মতে, খেলুৱৈ গৰাকীৰ ভুলবোৰ শুধৰাই দিয়াৰ চেষ্টা কৰিছিল বিৰাটে। বিৰাটৰ সৈতে আলোচনাত বহাৰ পূৰ্বে খেলুৱৈগৰাকীয়ে ভেঙ্কটছ আয়াৰৰ সৈতেও দীৰ্ঘসময় আলোচনাত বহিছিল ঈশানে। উল্লেখ্য যে, সমাগত টি-২০ বিশ্বকাপৰ প্ৰথম একাদশত স্থান লাভ কৰিছে ঈশান কিষানে। অৱশ্যে, ভাৰতীয় দলটোৰ ৰদবদল হোৱাৰ এতিয়াও প্ৰবল সম্ভাৱনা আছে। তেনেক্ষেত্ৰত শেহতীয়া প্ৰদৰ্শনক লৈ সুখী নোহোৱাটোবেই স্বাভাৱিক ঈশান কিষান। কিন্তু কিং মেকাৰ বিৰাট কোহলীৰ মন্ত্ৰণাই অনাগত সময়ত ঈশানক কিদৰে প্ৰবুদ্ধ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular