spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াআইপিএলৰ এটা বিশেষ দলত ৰিয়ান পৰাগ, পিছে কিয় নাক কোঁচাইছে অনুৰাগীয়ে?

আইপিএলৰ এটা বিশেষ দলত ৰিয়ান পৰাগ, পিছে কিয় নাক কোঁচাইছে অনুৰাগীয়ে?

নতুন দিল্লীঃ উলহ-মালহৰ মাজেৰে সামৰণি পৰিল আইপিএল। ইতিহাস সৃষ্টি কৰি চতুৰ্থবাৰৰ বাবে আইপিএল ৰ খিতাপ জয় চেন্নাই ছুপাৰ কিংছৰ। এতিয়া সময় প্ৰতিযোগিতাখনলৈ ঘূৰি চোৱাৰ। কোন কোন খেলুৱৈয়ে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল আৰু কোন কোন খেলুৱৈয়ে আশাপ্ৰদ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল তাৰ খতিয়ান লোৱাৰ নিশ্চিতভাৱে এয়া উচিত সময়। শেহতীয়াকৈ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাই তেওঁলোকৰ প্ৰত্যাশাৰ তুলনাত কম প্ৰদৰ্শন দেখুওৱা খেলুৱৈসকলৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে।

ৰিয়ান

মূল একাদশৰ বাছনিৰ সময়ত চোপ্ৰাই লিয়াম লিভিংষ্টোন আৰু নিকোলাছ পুৰাণক তেওঁৰ অপেনাৰ হিচাপে তুলি লৈছিল। এই দুয়োজন খেলুৱৈৰ পৰা তেওঁলোকৰ ফ্ৰেঞ্চাইজী ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছে বহুত আশা কৰিছিল। যদিও লিভিংষ্টনে ৫খন খেলত মাত্ৰ ৪২ ৰানৰ দু্ৰ্বল ‌ইনিংছ উপহাৰ দিয়ে। নিকোলাছ পুৰাণে ছিজনৰ ভয়ংকৰ আৰম্ভণি কৰে যদিও ১২খন খেলত মাত্ৰ ৮৫ ৰানৰ বৰঙনিহে দিবলৈ সক্ষম হয়। চোপ্ৰাৰ তালিকাৰ তৃতীয় স্থানত আছে সুৰেশ ৰাইনা। মিষ্টাৰ কনছিছটেনছী হিচাপে খ্যাত সুৰেশ ৰাইনাইয়ো চলিত ছিজনত উত্‍কৃষ্ট প্ৰদৰ্শনত ব্যৰ্থ হয়। ১২খন খেলত ৰাইনাৰ বৰঙনি ১৬০ৰান। চতুৰ্থ স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক ইয়ন মৰ্গান। মৰ্গানে ১৬খন খেলত ১২৯ৰানহে কৰে।


পঞ্চম স্থানত চোপ্ৰাই হাৰ্দিক পাণ্ডিয়াক বাছনি কৰিছিল। চোপ্ৰাই কয়, ‘হাৰ্দিকৰ পৰা বহুত বেছি প্ৰত্যাশা আছিল। তেওঁ বহুত ভাল খেলুৱৈ।’ পাণ্ডিয়াই ১২খন খেলত মাত্ৰ ১২৭ ৰানহে কৰে। বলিঙেৰেও বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল হাৰ্ডিকে। ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগক ৬ নম্বৰত অন্তৰ্ভুক্ত কৰিছে চোপ্ৰাই। ৰিয়ান পৰাগো চলিত ছিজনত বিশেষ স্মৰণীয় মুহূৰ্ত প্ৰদানত ব্যৰ্থ হয়। বিগত সময়চোৱাত শোচনীয় প্ৰদৰ্শনৰ বাবে দলৰ পৰা বিশ্ৰামো দিয়া হৈছিল ৰিয়ান পৰাগক। আকাশ চোপ্ৰা,ডেল ষ্টেইন,সঞ্জয় মাঞ্জেকাৰৰ দৰে আগশাৰীৰ ক্ৰিকেটাৰেও ৰিয়ান প্ৰসংগত সৰব হৈ পৰিছিল। আইপিএলৰ চলিত ছিজনত ৰিয়ান পৰাগৰ প্ৰদৰ্শক দুৰ্ভাগ্যজনক আখ্যা আকাশ চোপ্ৰাৰ। তাৰ পাছতে আকাশ চোপ্ৰাৰ নিম্নপ্ৰদৰ্শনকাৰী একাদশত অন্তৰ্ভুক্ত হৈছে ক্ৰমে ক্ৰুণাল পাণ্ডিয়া, ডেল ক্ৰিষ্টিয়ান, কাইল জেমিচন, ৰবিচন্দ্ৰন অশ্বিন আৰু ভুৱনেশ্বৰ কুমাৰ। এতিয়া প্ৰশ্ন হৈছে, আগন্তুক বৰ্ষতে আইপিএলৰ মেগা নিলাম।কোনটো দলত স্থান লাভ কৰিব ৰিয়ানে? ৰাজস্থান ৰয়েলছতে থাকিব নে অন্য কোনো দললৈ যাব লাগিব? নে বহুল বিতৰ্কই থকা-সৰকা কৰা উদীয়মান ক্ৰিকেটাৰ গৰাকীৰ ইয়াতেই কেৰিয়াৰৰ য’তি পৰিব নেকি সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular