spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeক্ৰীড়াকপাল ফুলিল,নিশাটোৰ ভিতৰতে লাখপতি বিহাৰৰ নাপিত অশোক কুমাৰ?

কপাল ফুলিল,নিশাটোৰ ভিতৰতে লাখপতি বিহাৰৰ নাপিত অশোক কুমাৰ?

নতুন দিল্লীঃ ক্ৰিকেট-নাম ৰৈ বৈ যোৱা এক শিহৰণ! গতিশীল সময়ৰ চাকনৈয়াত অইন ক্ৰীড়াসমূহে বিস্তাৰ লাভ কৰিলেও ক্ৰিকেটৰ জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শ কৰিব পৰা নাই! মনোৰঞ্জন প্ৰদানৰ উপৰি নানা ধৰণৰ আমোদজনক ঘটনা প্ৰবাহো ক্ৰিকেট ইতিহাসৰ সাক্ষী হৈ ৰৈছে। সময়ৰ চলমান গতিত এনে ঘটনাপ্ৰবাহে শিৰোনাম দখল কৰাও দেখা যায়। আইপিএলৰ চলিত ছিজনো ইয়াৰ ব্যতিক্ৰম নহয়। আইপিএল উপভোগ কৰি লাখপতি হ’ল এজন নাপিত। আচৰিত যেন লাগিলেও আইপিএলৰ বাবে কপাল ফুলিল এজন নাপিতৰ। আইপিএলৰ ড্ৰীম টীএম কনটেষ্টত অংশগ্ৰহণ কৰি লাভ কৰিলে ১কোটি টকা।

উল্লেখ্য যে, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত খেলখনৰ নিখুত ভৱিষ্যত বাণীৰ বাবে এই পুৰস্কাৰ আগবঢ়োৱা হৈছে বিহাৰৰ অশোক কুমাৰক। কুমাৰৰ ভৱিষ্যত বাণী অনুসৰি ধোনী ব্ৰিগেডে ২ উইকেটত ৰুদ্ধশ্বাস খেলখনত জয়লাভ কৰিছিল। কেৱল মাত্ৰ খেলখনৰ ফলাফলে নহয় দুয়োটা দলৰ প্ৰথম একাদশৰ কেইবাটাও কথা নিৰ্ভুলভাৱে বাখ্যা কৰিছিল কুমাৰে। এক সাক্ষাত্‍কাৰযোগে অশোক কুমাৰে সদৰী কৰে যে, ‘খেলখনৰ পাছত প্ৰথম স্থান অৰ্জন কৰি ১কোটি টকা জিকিছো।’ জানিবলৈ পোৱা মতে, বিহাৰৰ মধুবনী জিলাৰ নিবাসী অশোকে বিগত কেইবাবছৰৰ পৰা আইপিএলৰ ড্ৰীম টীম কনটেষ্টত অংশ লৈ আহিছে। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এইবাৰ বৃহত্‍ ধনৰাশিৰ জেকপট লাভ কৰি আনন্দিত অশোক। শেহতীয়া এই ঘটনাৰ পাছত ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আইপিএলৰ ড্ৰীম টীম কনটেষ্টতো প্ৰতিযোগীৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular