spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeক্ৰীড়া‘ধোনী ফিনিচেছ্ অৱ্ ইন ষ্টাইল’, হায়দৰাবাদৰ বিদায়ৰ পথ প্ৰশস্ত

‘ধোনী ফিনিচেছ্ অৱ্ ইন ষ্টাইল’, হায়দৰাবাদৰ বিদায়ৰ পথ প্ৰশস্ত

নতুন দিল্লীঃ ২০১১চনৰ বিশ্বকাপৰ ধোনীৰ সেই অনুপম দৃশ্যটোৰ কথা কোনে পাহৰিব পাৰে! ক্ৰীড়াপ্ৰেমীৰ স্মৃতিপটত আজিও সজীৱ ধোনীৰ সেই যাদুকৰী বিজয়ী ছিক্সটো। দীৰ্ঘসময়ৰ অন্তত আমিৰাত পুনৰ চলিল ধোনীৰ যাদুকৰী বেট। আজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ধোনী ব্ৰিগেডৰ বিপুল জয়। চেন্নাইৰ ক্ৰমাগত বিজয়ত স্বাভাৱিকতে উল্লসিত ক্ৰীড়ানুৰাগী।

ৰোমাঞ্চকৰ খেলখনত হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ১৩৪ৰান কৰে। ১৩৫ৰানৰ লক্ষ্যৰে খেলপথাৰত নামে চেন্নাই। নিৰ্ধাৰিত অভাৰৰ ২টা বল বাকী থাকোতেই জয় লাভ চেন্নাইৰ। ৪টা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয় ধোনী বাহিনী। উল্লেখ্য যে, ১১খন খেলত ১৮পইণ্ট লাভেৰে তালিকাৰ শীৰ্ষ স্থানত আছে চেন্নাই। ইফালে চলিত আইপিএলৰ পৰা বিদায়ৰ পথ প্ৰশস্ত হায়দৰাবাদৰ। ৫বাৰৰ চেম্পিয়ন মুম্ৱাইৰ অৱস্থাও এতিয়া থৰক-বৰক। তেনেস্থলত চলিত আইপিএলৰ খিতাপ চেন্নাইৰ হাতলৈ যোৱাৰ সম্ভাৱনাই অধিক ঘণীভূত হৈ পৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular