spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeক্ৰীড়ানাজল-নাথল অৱস্থা ৱাৰ্ণাৰৰ, দলততো বাদেই খেলপথাৰতো নাই স্থান!

নাজল-নাথল অৱস্থা ৱাৰ্ণাৰৰ, দলততো বাদেই খেলপথাৰতো নাই স্থান!

নতুন দিল্লীঃ আইপিএলৰ প্ৰায়ভাগ ছিজনতে কঠিন পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিছে ‘ছানৰাইজাৰ্ছ হায়দৰাবাদ’-এ। দলীয় কথা বাদেই দিন ভালে যোৱা নাই তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ। উল্লেখ্য যে, প্ৰথম একাদশৰ পূৰ্বেই ফ্ৰেঞ্চাইজিৰ পৰা বাদ দিয়া হৈছিল অষ্ট্ৰেলিয়ান তাৰকাক। এইবাৰ দলৰ সৈতে খেলপথাৰলৈ যোৱাতো দলীয় কৰ্তৃপক্ষই বাধা আৰোপ কৰিছে ৱাৰ্ণৰক। শেহতীয়াকৈ প্ৰকাশ পোৱা এই উদ্বেগজনক খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে। আইপিএলৰ বিগত ৬টা সংস্কৰণতে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকাগৰাকীয়ে।

তৎসত্ত্বেও আইপিএলৰ চলিত সংস্কৰণত মুখ থেকছা খাবলগীয়া হৈছে ডেভিড ৱাৰ্ণাৰে। অৱশ্যে, ৱাৰ্ণাৰৰ স্থানত কেন উইলিয়ামছনক অধিনায়কৰ দ্বায়িত্ব প্ৰদান কৰা হ’লেও হায়দৰাবাদে ব্যৰ্থতাৰে মালা পিন্ধিবলগীয়া হৈছে।পৰাজয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা হায়দৰাবাদে চলিত আইপিএলৰ পৰা বিদায় লোৱাতো প্ৰায় নিশ্চত। বিগত ২খন খেলত দলৰ পৰা আঁতৰি আছিল ৱাৰ্ণাৰ। কিন্তু কিয়? বহুকেইখন খেলত হায়দৰাবাদক জয়ৰ সোৱাদ দিয়া ৱাৰ্ণাৰক খেলপথাৰতো প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। তাকে লৈ ক্ষুদ্ধ হৈ পৰিছে ক্ৰীড়া মহল। ইফালে সমাগত আইপিএলৰ মেগানিলাম। মেগানিলামৰ প্ৰাকক্ষণত ডেভিড ৱাৰ্ণাৰকলৈ গ্ৰহণ কৰা আকস্মিক সিদ্ধান্তত ৱাৰ্ণাৰৰ আইপিএল কেৰিয়াৰৰ যৱনিকা পৰাৰ সন্দেহ অধিক ঘণীভূত হৈ পৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular