spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeক্ৰীড়াফলাফল কাৰ পক্ষত? এয়া প্ৰত্যাৱৰ্তনৰ যুঁজ, কাৰ এই বিস্ফোৰণ…

ফলাফল কাৰ পক্ষত? এয়া প্ৰত্যাৱৰ্তনৰ যুঁজ, কাৰ এই বিস্ফোৰণ…

নতুন দিল্লীঃ আজি আইপিএল চতুৰ্দশ ছিজনৰ দ্বিতীয় কোৱালিফায়াৰ। ফলাফল কাৰ পক্ষত? তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দিল্লী কেপিটেলছ। অস্তিত্ব ৰক্ষাৰ যুঁজৰ প্ৰাকক্ষণত ইয়ন মৰ্গানৰ কলকাতাক ৰুধিবলৈ কেনেধৰণৰ পৰিকল্পনাৰে সাজু হৈছে ঋষভ পন্থৰ দিল্লী কেপিটেলছ? এই বিষয়ে সদৰী কৰিছে মহম্মদ কাইফে। দিল্লী কেপিটেলছৰ সহকাৰী প্ৰশিক্ষক মদম্মদ কাইফে কয়, ‘আমি যি কৰিব বিচাৰিছো সেয়া যেন খেলৰ সময়ত বৰ্তাই ৰখিব পাৰো। চাপ নিয়ন্ত্ৰণেই মূল কথা। সেয়া নিৰ্ভৰ কৰিব আমি কিমান চাপ নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ ওপৰত। আইপিএলৰ সকলো খেলই চাপ পূৰ্ণ। কিন্তু এই খেলখন আমাৰ বাবে এক প্ৰত্যাহ্বান। প্ৰচণ্ড চাপৰ মাজতো আমি আমাৰ মগজু ‌শীতল কৰি ৰাখিব লাগিব।’

উল্লেখ্য যে, লীগ তালিকাৰ শীৰ্ষস্থানৰ পৰা প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পাছতো দিল্লীয়ে অন্তিম দুখন খেল হেৰুৱাইছিল। দিল্লী কেপিটেলছে প্ৰথম কোৱালিফায়াৰত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাজিত হৈছিল। ইয়াৰ পূৰ্বে, তেওঁলোকে লীগৰ অন্তিমখন খেলত বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত পৰাজিত হৈছিল। আনহাতে লীগ পৰ্যায়ত দুয়োটা দলে দুবাৰ মুখামুখী হৈছিল।

দিল্লীয়ে কলকাতাৰ বিৰুদ্ধে প্ৰথমখন খেলত ৭ উইকেটত জয়লাভ কৰিছিল আৰু দ্বিতীয়খন খেলত ৩ উইকেটত পৰাজিত হৈছিল দিল্লী। এই সন্দৰ্ভত কাইফে কয়, ‘আমি এইবাৰ ভাল খেলিছো। পইণ্ট তালিকাৰ শীৰ্ষ স্থান লাভ কৰি প্লে’ অফত স্থান পাইছো। লীগ পৰ্যায়ৰ অন্তিম দুখন খেলত পৰাজিত হৈছিলো। আজি প্ৰত্যাৱৰ্তনৰ যুঁজ। কেকেআৰৰ বিৰুদ্ধে আমি দৃঢ় সংকল্পৰে যুঁজ দিব লাগিব। আমাৰ দলত উপযুক্ত ক্ৰিকেটাৰ আছে। বহুতো অভিজ্ঞ আৰু আক্ৰমণাত্মক বেটিঙেৰে দলক জয়ৰ লক্ষ্যত উপনীত কৰিব পৰা ক্ৰিকেটাৰ আমাৰ মাজত আছে।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular