spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeক্ৰীড়াসফল দল-ব্যৰ্থ অধিনায়ক! শলাগ নাই নাইট কেপ্টেইন মৰ্গানৰ…

সফল দল-ব্যৰ্থ অধিনায়ক! শলাগ নাই নাইট কেপ্টেইন মৰ্গানৰ…

নতুন দিল্লীঃ সুদীৰ্ঘ ৭বছৰৰ পাছত আইপিএলৰ ফাইনেলত উপনীত হৈছে কলকাতা নাইট ৰাইডাৰ্ছ। ইয়াৰ বাবে দলৰ অধিনায়কজনকে অধিক প্ৰাধান্য দিয়া বুলি ধাৰণা কৰা হয়। কিন্তু ইয়ন মৰ্গানৰ ক্ষেত্ৰত ছবিখন ওলোটা। কলকাতাক ফাইনেললৈ লৈ যোৱাৰ পাছতো পৰৱৰ্তী ছিজনত ইয়ন মৰ্গানক দলত অন্তৰ্ভুক্ত কৰা-নকৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বীৰেন্দ্ৰ ছেহৱাগে কেকেআৰ দলৰ ‘দ্বৈত মানদণ্ড’ সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘কলকাতাৰ অধিনায়কে ২০-২৫ ৰানো সংগ্ৰহ কৰিবলৈও অসক্ষম।

দলৰ হৈ একো কৰিব পৰা নাই মৰ্গানে। দীনেশ কাৰ্তিকক বিগত ছিজনৰ আইপিএলৰ মাজভাগত অধিনায়ক পদৰ পৰা আঁতৰোৱা হৈছিল। তেন্তে মৰ্গানৰ ক্ষেত্ৰত তেনে পৰিস্থিতিৰ উদ্ভৱ নহ’ব কিয়? মই নিশ্চিত নহয় যে, আগন্তুক বৰ্ষত নিলামৰ পূৰ্বে মৰ্গানক দলত অন্তৰ্ভুক্ত কৰা হ’ব নে নাই।’ অধিক আক্ৰমণাত্মক ভাষাত ছেহৱাগে কয়, ‘মই নাজানো তেওঁ পুনৰ কেতিয়াবা কলকাতাৰ হৈ খেলিব নে নাই। কাৰণ মৰ্গানে কথাৰ বাহিৰে একো কৰা নাই। এজন অধিনায়ক হিচাপে ৰান সংগ্ৰহ কৰিব পাৰিব লাগিব। মনত থকাকৈ তেওঁৰ পৰা মই একো পোৱা নাই এতিয়ালৈকে।’ উল্লেখ্য যে, মৰ্গানে আইপিএলৰ চলিত ছিজনত এতিয়ালৈকে ১৬ খন খেলত ১২৯ ৰাণ সংগ্ৰহ কৰিছে। গড় ৰান ৰেট ১১.৭২ আৰু ষ্ট্ৰাইক ৰেট ৯৮.৪৭ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular