spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeক্ৰীড়াহৰিষতে বিষাদ! তিৰস্কৃত প্ৰাক্তন নাইট অধিনায়ক

হৰিষতে বিষাদ! তিৰস্কৃত প্ৰাক্তন নাইট অধিনায়ক

নতুন দিল্লীঃ আইপিএলৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছ। নাইট শিবিৰত প্ৰাক্তন অধিনায়কক লৈ হৈ-চৈ। দীনেশ কাৰ্তিকৰ বাবে বেয়া খবৰ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড তথা বিচিচিআইৰ ভত্‍সনা দীনেশ কাৰ্তিকক। কাৰ্তিকৰ বিৰুদ্ধে আইপিএলৰ শৃংখলা ভংগৰ অভিযোগ বিচিচিআইৰ। দীনেশ কাৰ্তিকে আইপিএলৰ আচৰণ বিধিৰ ধাৰা ২.২ উলংঘা কৰা বুলি সদৰী কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছে। এইটো প্ৰাথমিক অপৰাধ। প্ৰাথমিক অপৰাধৰ ক্ষেত্ৰত খেল ৰেফাৰীৰ সিদ্ধান্তই চূড়ান্ত।’

উল্লেখ্য যে, বুধবাৰে দ্বিতীয় কোৱালিফায়াৰত কলকাতাই দিল্লী কেপিটেলছক ৩ উইকেটত পৰাস্ত কৰিছিল। প্ৰথমে বেটিং কৰি দিল্লীয়ে ২০ অভাৰত ৫ উইকেটত ১৩৫ ৰাণ সংগ্ৰহ কৰে। কলকাতাই এটা বল বাকী থকা অৱস্থাত ৭ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। শুকুৰবাৰে ফাইনেলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰে মুখামুখি হ’ব ইয়ন মৰ্গানৰ কলকাতা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular