spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াবাউণ্ডেৰীত বিস্ফোৰণ! ৰানাৰ শ্বটত ভাঙিল কেমেৰা

বাউণ্ডেৰীত বিস্ফোৰণ! ৰানাৰ শ্বটত ভাঙিল কেমেৰা

নতুন দিল্লীঃ সমাগত প্লে’অফ। ৰোমাঞ্চৰ হৈ পৰিছে আইপিএল। আমোদজনক ঘটনাই দখল কৰিছে শিৰোনাম। বেটিং পজিশ্যন সলনি কৰি দিয়াৰ পাছৰ পৰাই দুৰন্ত ছন্দত আছে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেন নিতীশ ৰানা। আমিৰ শ্বাহিত অপ্ৰতিৰোধ্য হৈ ৰ’ল নিতীশ ৰানা। ৰানাৰ বেটৰ পৰা অহা ৰানে দলটোক বিজয়ী হোৱাত অৰিহণা যোগাইছিল। হায়দৰাবাদৰ বিৰুদ্ধে মিডিল অৰ্ডাৰ বেটছমেন নিতীশ ৰানাই আকৰ্ষণীয় ইনিংছ উপহাৰ দিছিল।

ৰানাৰ গুৰু্ত্বপূৰ্ণ ইনিংছ চলাকালীন সময়তে খেলপথাৰত সংঘটিত হ’ল আচৰ্যকৰ ঘটনা। খেল চলাকালীন সময়তে ভাঙি চূৰমাৰ হ’ল কেমেৰা। ৰাণাৰ শক্তিশালী শ্বটটোৱে বাউণ্ডেৰী লাইনৰ কাষত থকা কেমেৰাত আঘাত কৰিছিল। ৰানাৰ শক্তিশালী শ্বটতো মিড উইকেটৰ ফিল্ডাৰ ৰশিদ খানাৰ ওপৰেৰে গৈ ভাঙিলে কেমেৰাৰ লেন্স। ঘটনাটো কলকাতা নাইট ৰাইডাৰ্ছৰ ইনিংছৰ ১৮সংখ্যক অভাৰত সংঘটিত হৈছিল। জেচন হোল্ডাৰৰ পৰা এটা শ্বৰ্ট ডেলিভাৰী পোৱাৰ পাছত নীতিশ ৰানাই বলটো মাৰি পঠিয়াইছিল। ৰছিদ খানে বাউণ্ডেৰীৰ ফালে বলটো ৰাখিবলৈ যথেষ্ট চেষ্টা কৰিছিল। কিন্তু ব্যৰ্থ হয় ৰছিদ খান। ইফালে হায়দৰাবাদৰ বিৰুদ্ধে লাভ কৰা জয়ে আশাৰ সঞ্চাৰ হৈছে কলকাতাৰ শিবিৰত। পৰৱৰ্তী ৰাজস্থান ৰয়েলছে অন্তিমখন খেলত মুখামুখি হ’ব দলটো।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular