spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াআইপিএল সমৰত দুই প্ৰতিদ্বন্দ্বী, কোনে মাৰিব বিজয়ী হাঁহি?

আইপিএল সমৰত দুই প্ৰতিদ্বন্দ্বী, কোনে মাৰিব বিজয়ী হাঁহি?

নতুন দিল্লীঃ আইপিএল সমৰত আজি দুই প্ৰতিদ্বন্দ্বী। ‘ডু অৰ ডাই’ খেলখনৰ বাবে অপেক্ষা কৰিছে ক্ৰীড়ানুৰাগীয়ে। আইপিএল ২০২১ৰ ৫১সংখ্যক খেলত মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ সমুখ সমৰত অৱতীৰ্ণ হ’ব। খেলখন শাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। দুয়োটা দলৰ বাবে খেলখনে অধিক গুৰুত্ব বহন কৰা দেখা গৈছে। প্লে’অফৰ দৌৰত থাকিবলৈ হ’লে দুয়োটা দলৰ বাবে জয় অনিবাৰ্য। উল্লেখ্য যে, দুয়োটা দলে ১২খন খেলৰ ভিতৰত ৫খনত জয়লাভ কৰিছে। গতিকে, দুয়োটা দলে লাভ কৰিছে সমসংখ্যক পইণ্ট।

কিন্তু উন্নত নেট ৰানৰেটৰ বাবে ৰাজস্থানে ষষ্ঠ আৰু মুম্বাই ইণ্ডিায়ানছে পইণ্ট তালিকাৰ সপ্তম স্থানত আছে। নিশা ৭-৩০বজাত অনুষ্ঠিত হ’ব খেলখন। ষ্টাৰ স্পৰ্টছ ১, ষ্টাৰ স্পৰ্টছ ১ এইচডি, ষ্টাৰ স্পৰ্টছ ৩ আৰু ষ্টাৰ স্পৰ্টছ ৩ এইচডিত ষ্টাৰ স্পৰ্টছ তাৰকা ক্ৰীড়াৰ বিভিন্ন চেনেলত খেলখনৰ লাইভ ক’ভাৰেজ কৰা হ’ব। খেলখনৰ অনলাইন ষ্ট্ৰীমিং উপলব্ধ হ’ব হ’টষ্টাৰত। সময় চমু চাপি অহাৰ লগে লগে উৎকণ্ঠা বৃদ্ধি পাইছে অনুৰাগীৰ। জয়ৰ ধাৰা অব্যাহত ৰাখিব পাৰিবনে মুম্বাইয়ে? ৰাজস্থানে পাৰিব জানো কলংকিত অধ্যায়ৰ মোখনি মাৰিব? তেনে কেতবোৰ প্ৰশ্নই এতিয়া ক্ৰিকেট এৰিনাত চৰ্চা লাভ কৰা দেখা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular