spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeক্ৰীড়াব্যৰ্থ কোহলী…ব্যৰ্থ আৰচিবি...! অন্তিম মুহূৰ্তত কি অংগীকাৰ ৰান মেছিনৰ?

ব্যৰ্থ কোহলী…ব্যৰ্থ আৰচিবি…! অন্তিম মুহূৰ্তত কি অংগীকাৰ ৰান মেছিনৰ?

নতুন দিল্লীঃ আৰচিবি অধিনায়ক পদৰ পৰা বিদায় কোহলী ৰ। আইপিএলৰ আৰম্ভণিৰ পূৰ্বেই কোহলীয়ে অধিনায়ক পদ ত্যাগৰ কথা সদৰী কৰিছিল। পৰাজয়ৰ মাজেৰেই নেতৃত্ব এৰিলে ৰান মেছিন কোহলীয়ে। চলিত ছিজনৰ দ্বিতীয় কোৱালিফায়াৰত কলকাতা নাইট ৰাইডাৰ্ছেৰে পৰাভূত বিৰাট বাহিনী। ইয়াৰ লগে লগে আকৌ এবাৰ আইপিএলৰ খিতাপ জয়ৰ স্বপ্ন ধূসৰ হৈ ৰ’ল কিং কোহলীৰ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অধিনায়ক হিচাপে এইখনেই বিৰাট কোহলীৰ অন্তিম খন খেল আছিল। কিন্তু অন্তিমখন খেলো সুখকৰ নহ’ল কোহলীৰ বাবে। কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ৪ উইকেটত পৰাভূত হোৱাৰ পাছত বাংগালুৰু-এ আইপিএল ২০২১ ছিজনৰ পৰা বিদায় মাগিবলগীয়া হৈছে। ইয়াৰ লগে লগে বিদায় লৈছে কোহলীয়েও। বিগত খেলখনত পৰাজিত হোৱাৰ বাবে কোহলীৰ মনৰ কোঠালিত এই দুখ চিৰদিনৰ বাবে থাকি যোৱাতো স্বাভাৱিক!

খেলৰ শেষত কোহলীৰ অংগীকাৰ, ‘মই এই দলটোৰ উন্নতিৰ বাবে যথাসাধ্য চেষ্টা কৰিছিলো। য’ত যুৱ ক্ৰিকেটাৰসকলে আহি নিজৰ ধৰণে খেলিব পাৰিছে। মই ভাৰতীয় ক্ৰিকেট দলৰ বাবেও একেখিনি কাম কৰোঁ। অনাগত সময়ছোৱাত দলৰ এজন ক্ৰিকেটাৰ হিচাপে নিজৰ দ্বায়িত্ব পালন কৰি যাম। ফ্ৰেঞ্চাইজিটোৱে পৰৱৰ্তী ৩ বছৰৰ বাবে এটা নতুন দল গঢ়ি তুলিবলৈ চেষ্টা কৰিব। মই নিশ্চিতভাৱে আৰচিবিৰ হৈ খেলিম।আনুগত্য মোৰ বাবে আটাইতকৈ ডাঙৰ বস্তু। মোৰ আইপিএল কেৰিয়াৰৰ অন্তিম দিনটোলৈকে এই কথা আখৰে আখৰে পালন কৰিম।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular