spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াৰোহিত পত্নীৰে ভাকুটকুট! কি চলিছে আইপিএলত?

ৰোহিত পত্নীৰে ভাকুটকুট! কি চলিছে আইপিএলত?

নতুন দিল্লীঃ আইপিএলৰ চলিত ছিজনত প্লে’অফৰ পৰা বঞ্চিত হোৱাৰ শংকাত মুম্বাই ইণ্ডিয়ানছ! দলটোৰ শোচনীয় প্ৰদৰ্শনে নিশ্চিতভাৱে অধিনায়ক ৰোহিত শৰ্মাক আমনি কৰিছে। অৱশ্যে, এই উৎকণ্ঠাৰ মাজতো অনুৰাগীসকলৰ মুখত হাঁহিৰ খোৰাক দিয়াৰ চেষ্টা কৰিছে ৰোহিতে। শেহতীয়াকৈ ৰোহিত শৰ্মাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত পত্নী ৰিতিকাৰ সৈতে প্ৰেংক কৰা দেখা গৈছে ৰোহিতক। ৰোহিতৰ এই কাণ্ডৰ বিষয়ে অৱগত নাছিল পত্নী ৰিতিকা। ৰোহিতে ধেমালি কৰা সময়ত ভয়ত কঁপি উঠা দেখা গৈছিল ৰোহিত পত্নীক। উল্লেখ্য যে, ৰোহিত আৰু ৰিতিকা বৰ্তমান সংযুক্ত আৰব আমিৰাত আছে।

আইপিএলৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিছে ৰোহিতে। ২০১৮ৰ পাছত প্ৰথমবাৰৰ বাবে প্লে’অফৰ দৌৰৰ পৰা মুম্বাই ইণ্ডিয়ানছ বাহিৰ হোৱা দেখা গৈছে। মুম্বাই ইণ্ডিয়ানছে ১২খন খেলত এতিয়ালৈকে মাত্ৰ ৫খন খেলতহে জয়লাভ কৰিছে। পৰৱৰ্তী খেলখনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মুম্বাই। মুম্বাই-ৰাজস্থান দুয়োটা দলে লাভ কৰিছে সমসংখ্যক পইণ্ট। ইফালে কলকাতা নাইট ৰাইডাৰ্ছে ১৩খনৰ ভিতৰত ৬খনতে জয়লাভ কৰিছে। উন্নত ৰানৰেটৰ বাবে প্লে’অফত প্ৰৱেশৰ বাবে সাজু হৈছে কলকাতা। অৱশ্যে, হাতত সুযোগ আছে মুম্বাইৰ। মুম্বাইয়ে যদি অন্তিম দুখন লীগ খেলত জয়লাভ কৰে তেন্তে প্লে’অফলৈ উন্নীত হ’ব পাৰে দলটো। আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দলটো। পৰৱৰ্তী খেলখন ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব ৰোহিত ব্ৰিগেডে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular