spot_img
22 C
Guwahati
22 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeক্ৰীড়াআইপিএলৰ কাউণ্টডাউন আৰম্ভ, ঈশান নহয় হাৰ্দিক পাণ্ডিয়াই দলৰ অধিনায়ক

আইপিএলৰ কাউণ্টডাউন আৰম্ভ, ঈশান নহয় হাৰ্দিক পাণ্ডিয়াই দলৰ অধিনায়ক

নতুন দিল্লীঃ সমাগত আইপিএল ! পূৰ্বৰ তুলনাত এইবাৰ দুটা নতুন দলে আত্মপ্ৰকাশ কৰাৰ কথা। লক্ষ্ণৌ আৰু আহমেদাবাদ নামেৰে গঠন হ’ব দুটা দল। তাৰ মাজতে এটা ভাল খবৰ।আহমেদাবাদ ফ্ৰেঞ্চাইজীৰ আইপিএলত যোগদান। সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা অনুমোদন লাভ কৰে আহমেদাবাদৰ মালিকানাধীন চিভিচি কেপিটেলে। অনুমোদন লাভৰ পাছতে দল গঠনৰ কাম আৰম্ভ কৰিছে আহমেদাবাদ ফ্ৰেঞ্চাইজীয়ে। দল গঠনৰ মাজতে হাৰ্দিক পাণ্ডিয়া আহমেদাবাদ দলৰ অধিনায়ক হ’ব বুলি হনুবাৰ্তা ওলাইছে। মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা হাৰ্দিকে এইবাৰ নতুন দলৰ দায়িত্ব লাভ কৰিব বুলি জানিবলৈ পোৱা গৈছে।

এই কথা পোহৰলৈ অহাৰ পাছতে হাৰ্দিকৰ গৃহ ৰাজ্যত অন্তহীন উছাহৰ ঢল বোৱা দেখা গৈছে। অৱশ্যে, অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰে মেনেজমেণ্টৰ প্ৰথম পছন্দ আছিল। হঠাতে শ্ৰেয়াছৰ পৰিৱৰ্তে হাৰ্দিক পাণ্ডিয়াৰ নামে চৰ্চা লাভ কৰিছে। দলীয় কৰ্তৃপক্ষৰ মাজতো হাৰ্দিকৰ জনপ্ৰিয়তা সৰ্বাধিক বুলি শুনিবলৈ পোৱা গৈছে। কেৱল সেয়াই নহয়, মুম্বাইৰ আন এজন ক্ৰিকেটাৰ ঈশান কিষাণেও আহমেদাবাদত যোগদান কৰাৰ সম্ভাৱনা আছে।

কেইদিনমানৰ ভিতৰত আহমেদাবাদৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ কথা আছে ঈশানৰ। ইফালে ৰছিদ খানকো দলত অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে নতুন ফ্ৰেঞ্চাইজীটোৱে। উল্লেখ্য যে, চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহতে আইপিএলৰ নিলাম হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বেই দুটা নতুন দলে ৩গৰাকী ক্ৰিকেটাৰৰ নাম প্ৰকাশ কৰিব লাগিব। ৩জন ক্ৰিকেটাৰৰ ভিতৰত ২জন ভাৰতীয় আৰু এজন বিদেশী ক্ৰিকেটাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ মাজতে কেএল ৰাহুলে লক্ষ্ণৌ দলৰ অধিনায়ক হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। স্মৰ্তব্য যে, কিছুদিনপূৰ্বে আহমেদাবাদৰ প্ৰশিক্ষক হিচাপে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ আশীষ নেহেৰাৰ নাম ঘোষণা কৰা হৈছিল। দলটোৰ মেণ্টৰ হ’বলৈ ওলাইছে ভাৰতৰ বিশ্বকাপ বিজয়ী প্ৰশিক্ষক গেৰী কাৰ্ষ্টেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular