আইপিএলক লৈ ধুবুৰীত জুৱাৰ বেহা, আটক ৩

ধুবুৰী : আই পি এল ক্ৰিকেটক লৈ ধুবুৰীত চলিছে জুৱাৰ বেহা। আপত্তিজনক সামগ্ৰীসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তিনিজনকৈ আই পি এল ক্ৰিকেট বুকিক। জানিব পৰা মতে, ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত সোমবাৰে নিশা ধুবুৰীৰ গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত অতৰ্কিতে অভিযান চলায়।

আৰু পঢ়িব পাৰিব: আগন্তুক ৩দিনত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৃষ্টিপাত

অভিযানকালত আই পি এল ক্ৰিকেট বুকি ক্ৰমে নুৰ আলম, মমিনুৰ হক, মতিবৰ ৰহমানক মোবাইলসহ কিছু আপত্তিজনক সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব: ইকৰানিত হাবিত উদ্ধাৰ এটি নৱজাত কন্যা শিশু

উল্লেখ্য যে, আই পি এল ক্ৰিকেট আৰম্ভ হোৱাৰ লগে লগে মোবাইলত বিশেষ এপ’ৰ জৰিয়তে অনলাইন প্ৰক্ৰিয়াৰে আৰম্ভ হয় লাখ লাখ টকাৰ জুৱাৰ বেহা। এনে তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়েও অভিযান তীব্রতৰ কৰি তুলিছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES