spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকৰাজ্যত কিদৰে চলিছিল আইপিএলৰ জুৱা? কোনে ক’ৰপৰা নিয়ন্ত্ৰণ কৰিছিল কোটিটকীয়া কাৰবাৰ?

ৰাজ্যত কিদৰে চলিছিল আইপিএলৰ জুৱা? কোনে ক’ৰপৰা নিয়ন্ত্ৰণ কৰিছিল কোটিটকীয়া কাৰবাৰ?

ডিজিটেল ডেস্ক : শেষ হ’ল আইপিএল। কিন্তু এতিয়া আইপিএল জুৱা কাণ্ডই জোকাৰিছে ৰাজ্য। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে আইপিএলৰ জুলাৰ বৃহৎ চক্ৰই অসমত কিদৰে চলাইছিল ব্যাপক জুৱা। ঝাৰখণ্ডৰ পৰা নিয়ন্ত্ৰণ হয় এই হাইপ্ৰ’ফাইল জুৱা৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি ৱেবছাইটৰ জৰিয়তে চলে আইপিএলৰ কোটি টকীয়া জুৱা৷ সম্প্ৰতি জুৱাৰীৰ এটা বৃহৎ দল আছেগৈ গেংটকত৷ Vo Skyexchange নামৰ এটা ৱেবছাইটৰ জৰিয়তে সমগ্ৰ দেশতে চলিছিল আইপিএলৰ জুৱা৷ ৱেবছাইটত ক্লিক কৰিলেই খোল খাই হোৱাটছএপএকাউন্ট৷ তাতেই বিক্ৰী হয় আইপিএলৰ ID নম্বৰ ৷ 9123139077 এই ফোন নম্বৰটোৱে বিক্ৰি কৰে আইপিএলৰ ID ৷ ঝাৰণ্ডৰ জামতাৰাৰ পৰা এই কোটিটকীয়া জুৱা চলাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।


‘ফিক্সিং কেপিটেল অব ইণ্ডিয়া’ বুলি জনাজাত অনলাইন প্ৰৱঞ্চকৰ মূল ঘাটি জামটাৰা৷ অসমতো কেইজনমান হাই প্ৰ’ফাইল জুৱাৰীয়ে জামটাৰাৰ লিংকত চলাই আছিল আইপিএলৰ জুৱা৷ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৰৌণক বজৰীয়া, দিপেশ বজৰীয়া আৰু ৰাজেশ জৈন৷ গ্ৰেপ্তাৰ হোৱা তিনি জুৱাৰীৰ মুখত ওলাইছে অজয় আগৰৱাল নামৰ জুৱাৰীজনৰ নাম৷ অজয় আগৰৱাল ওৰফে আৰ্জুৱে হোটেল ঋতুৰাজৰ পৰা জুৱা চলাইছিল৷ এই আজয়ৰ ঘৰত শনিবাৰে অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে৷ এইপৰ্যন্ত অজয় আগৰৱালা পলাতক হৈ আছে যদিও জুৱাৰী অজয়ৰ ঘৰৰ পৰা ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰে ৫টা ম’বাইল ফোন৷ জব্দ কৰা হয় নগদ ৩ লাখ ৬৬ হাজাৰ টকাও৷


আৰক্ষীয়ে প্ৰকাশ কৰা মতে, গুৱাহাটীৰ জুৱা চক্ৰত আছে বহুকেইজন হাইপ্ৰ’ফাইল ব্যৱসায়ী৷ ইয়াৰে ভিতৰত আছে গণেশগুৰিৰ নবীন গোৱেল আৰু পাৰ্বিন গোৱেল নামৰ ব্যৱসায়ী দুজনো৷ ধীৰেণপাৰাৰ অনিল ৰথী আৰু বিকাশ আগৰৱালৰ নামো আহিছে পোহৰলৈ৷ পোহৰলৈ আহিছে ফাঁচীবজাৰৰ অমিত চিটিয়া আৰু নাৰায়ণ তিৱাৰীৰ নামো৷ এই বৃহৎ চক্ৰটোৰ মাষ্টাৰমাইণ্ড হৈছে বি আগৰৱাল৷


জানিব পৰা মতে, অৰক্ষীৰ অভিযানৰ উমান পাই এই বৃহৎ চক্ৰটোৱে অসমৰ পৰা পলায়ন কৰিছে গেংটকলৈ৷ চাৰ্টাৰ বিমানযোগে অসমৰ পৰা গৈ গেংটকৰ মাইফেয়াৰ নামৰ এখন ৰিজ’ৰ্টত বাহৰ পাতি আছে জুৱাৰীৰ দলটোৱে৷ ইফালে ডিব্ৰুগড়তো চলি আছে আইপিএলৰ জুৱাৰ এটা বৃহৎ নেটৱৰ্ক৷ সমগ্ৰ ৰাজ্যত চলা এই নেটৱৰ্কটোৱে এতিয়া T20 ৱৰ্ল্ডকাপত জুৱা খেলিবলৈ সাজু হৈছে৷
আইপিএলৰ বৃহৎ জুৱা চক্ৰই ভদ্ৰলোকৰ খেল ক্ৰিকেটত সানিছে কলংকৰ চেকা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular