spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআন্তঃৰাষ্ট্ৰীয়আমেৰিকাৰ বৰ্জিত প্লাষ্টিকে পৃথিৱীৰ আয়ুস হ্ৰাস কৰিছে নেকি?

আমেৰিকাৰ বৰ্জিত প্লাষ্টিকে পৃথিৱীৰ আয়ুস হ্ৰাস কৰিছে নেকি?


ডিজিটেল ডেস্ক: বিশ্বৰ ভিতৰতে সৰ্বোচ্চ পৰিমাণৰ বৰ্জিত প্লাষ্টিক আৱৰ্জনা সৃষ্টিত অৰিহণা যোগাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই৷ শেহতীয়াকৈ যুক্তৰাষ্ট্ৰীয় চৰকাৰত দাখিল কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ ক্ৰমবৰ্ধমান এই প্ৰদূষণৰ সংকট মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও যুক্তৰাষ্ট্ৰ চৰকাৰক আহ্বান জনোৱা হৈছে৷ সামগ্ৰিকভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰই ২০১৬ চনত প্ৰায় ৪২ মিলিয়ন বৰ্জ্য প্লাষ্টিক সৃষ্টি কৰিছিল৷ যি পৰিমাণ চীন আনকি ইউৰোপীয় দেশসমূহতকৈয়ো বেছি৷

গড় পৰিমাণ অনুযায়ী প্ৰতিবছৰে আমেৰিকাই ১৩০ কিলোগ্ৰাম বৰ্জ্য প্লাষ্টিক তৈয়াৰ কৰে৷ তালিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই প্ৰতি বছৰে ৮৮ কিলোগ্ৰাম বৰ্জ্য প্লাষ্টিক উৎপাদন কৰে৷ ‘কুৰি শতিকাৰ প্লাষ্টিকৰ চমকপ্ৰদ আৱিষ্কাৰৰ ফলস্বৰূপে বৰ্জ্য প্লাষ্টিকে ছানি ধৰিছে আমেৰিকাক৷’- প্ৰতিবেদন প্ৰস্তুতকৰণ সমিতিৰ সভাপতি মাৰ্গাৰেট স্প্ৰিঙে এইদৰে লিখিছে৷ প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি বিশ্বব্যাপী ১৯৬৬ চনত প্লাষ্টিক উৎপাদন ২০ মিলিয়ন মেট্ৰিক টনৰ পৰা ২০১৫ চনত এই উৎপাদন হ’লগৈ ৩৮১ মিলিয়ন মেট্ৰিক টন৷ পঞ্চাশ বছৰত প্লাষ্টিক উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ২০ শতাংশ৷

প্ৰতিবেদনত কোৱা হৈছে যে প্ৰথমাৱস্থাত সমুদ্ৰবৰ্জিত প্লাষ্টিকৰ উৎস কেৱল জাহাজ আৰু সামুদ্ৰিক অন্যান্য উৎস বুলি ভবা হৈছিল৷ কিন্তু, এতিয়া জানিব পৰা গৈছে ভূ-পৃষ্ঠৰ পৰা নদীৰ মাধ্যমেৰে সাগৰলৈ বৰ্জ্য প্লাষ্টিক যোৱাৰ ফলত সাগৰপৃষ্ঠত বৰ্জ্য প্লাষ্টিক জমা হোৱাৰ তথ্য পোৱা গৈছে৷ গৱেষণাত পোহৰলৈ আহিছে যে প্ৰায় এক হাজাৰ প্ৰজাতিৰ সামুদ্ৰিক প্ৰাণীৰ বৰ্জিত প্লাষ্টিকৰ দ্বাৰা বিপদ ঘনীভূত হৈছে৷

প্ৰতিবেদনত বৰ্জ্য প্লাষ্টিকে সৃষ্টি কৰা সংকটৰে মোকাবিলা কৰিবলৈ বিশেষকৈ অনমনীয় প্লাষ্টিক উৎপাদন হ্ৰাস কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছে৷ প্ৰতিবেদনত পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰাৰ উপৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমাই, জল ব্যৱস্থাৰ মাধ্যমেৰে মাইক্ৰ’ প্লাষ্টিক সংকট হ্ৰাস কৰাৰ এক ব্যৱস্থাপনাৰ বিষয়ে প্ৰস্তাৱ আগবঢ়োৱা হয়৷ বৰ্জ্য দ্ৰব্যৰ শোষণ প্ৰযুক্তিৰ উত্তৰণ ঘটাই জলপথত প্লাষ্টিকৰ আৱৰ্জনা ৰোধ কৰিব পৰা যাব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামুদ্ৰিক প্লাষ্টিক সংকটক কিধৰণে ৰাষ্ট্ৰখনে মোকাবিলা কৰে, তাৰ প্ৰতি বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular