spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকবেংকত কেৱল ৰিতুৰাজেই নে?টেম্প'ত কি ঘটিছিল ছাত্ৰীৰ সৈতে; কিমান সুৰক্ষিত ডিব্ৰুগড়?

বেংকত কেৱল ৰিতুৰাজেই নে?টেম্প’ত কি ঘটিছিল ছাত্ৰীৰ সৈতে; কিমান সুৰক্ষিত ডিব্ৰুগড়?

ডিজিটেল ডেস্ক: ৰিতুৰাজ গগৈৰ অপকৰ্মৰ কাহিনী এতিয়া সকলোৰে মুখে মুখে। সকলোৱে ঘৃণাৰে উপচাই পেলাইছে লম্পদটোক। ষ্টেট বেংকৰ ভিতৰত, দিন দুপৰতেই মহিলাৰ সৈতে অশালীন আচৰণ প্ৰদৰ্শন কৰা ৰিতুৰাজহঁতৰ বাবেই অসুৰক্ষিত আজিৰ নাৰী। অসুৰক্ষিত আমাৰ চিনাকি চহৰ, নগৰ।ব্যতিক্ৰম নহয় ডিব্ৰুগড়ো।সেইবাবেই চহৰখনত সঘনে সংঘটিত হ’বলৈ লৈছে নাৰী নিৰ্যাতনৰ ঘটনা।


ডিব্ৰুগড়ত কিছুদিন পূৰ্বে এজন যুৱকে চলন্ত টেম্পোৰ ভিতৰতে যৌন নিৰ্যাতন চলাইছিল এগৰাকী যুৱতীক। ভুক্তভোগী যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত এটি ভিডিঅ’ আপলোড কৰি ঘটনাৰ সবিশেষ লিখিছিল। তেওঁ লিখিছিল কিদৰে এজন যুৱকে তেওঁৰ কাষৰ আসনত বহি চলন্ত টেম্পোখনৰ ভিতৰতে তেওঁৰ গোপন অংগত হাত দিছিল।পিছত আসন সলাইহে যুৱতীগৰকীয়ে অধিক নিৰ্যাতনৰ পৰা ৰক্ষা পাইছিল। অৱশ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ পথত উপস্থিত হোৱাৰ লগে লগেই সাহসী যুৱতীগৰাকীয়ে উক্ত নিৰ্যাতনকাৰীগৰাকীক দুগালত দুচৰ শোধাই দিছিল।

যি নহওঁক এনেবোৰ ঘটনাই যিকোনো সচেতন মানুহৰ মনতে প্ৰশ্ন তোলে যে সঁচাকৈয়ে সুৰক্ষিত হয়নে ডিব্ৰুগড় চহৰ। নিজৰ শান্ত, সমাহিত ৰূপটোৰ বাবে জনাজাত উজনিৰ ঐতিহ্যমণ্ডিত চহৰখনত এতিয়া কিলবিলাই ফুৰিছে নেকি ৰিতুৰাজহঁতৰ দৰে অনেক কীটে? হাটে-বাটে নাৰীক যৌন নিৰ্যাতন চলাবলৈ কুণ্ঠাবোধ নকৰা টেম্পোৰ ভিতৰৰ সেই যুৱক অথবা ৰিতুৰাজৰ দৰে মুখা পিন্ধা ভদ্ৰলোক থকালৈকে নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰিবনে ডিব্ৰুগড়ৰ নাৰীয়ে?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular