Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeমনোৰঞ্জনকেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা

কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

মুম্বাই : বলীউড তাৰকাৰ মাজত ৰোমাঞ্চ তথা প্ৰেমৰ সম্পৰ্ক কোনো নতুন কথা নহয়৷ তাৰকা অভিনেতা-অভিনেত্ৰীৰ প্ৰেমৰ সম্পৰ্কই অনুৰাগীকো যথেষ্ট আমোদ দিয়ে৷ সেয়ে কোন অভিনেতাই কোন অভিনেত্ৰীক ডে’ট কৰিছে সেয়া একোটা ডাঙৰ খবৰৰ উৎস হৈ পৰে৷ পাপৰাজ্জিও দিনে নিশাই ব্যস্ত থাকে এনে বাতৰি খুঁচৰি ফুৰাত৷

আৰু পঢ়িব পাৰিব : চ্যুকাফা মাল্টি স্পেচিয়েলিটী হাস্পতালত অত্যাধুনিক সংযোজন

শেহতীয়াকৈ বলীউডৰ দুজন তাৰকাক লৈ সৰৱ হৈ আছে বলীউড গছিপ৷ সন্দেহ কৰা হৈছে যে ‘উৰি’খ্যাত সুদৰ্শন অভিনেতা বিকি কৌশলৰ সৈতে প্ৰেমৰ দোলেৰে বান্ধ খাইছে কেটৰীনা কাইফ৷ ইনষ্টাগ্ৰামত কেটৰীনাই অলপতে এখন ফটো শ্বেয়াৰ কৰে য’ত তেওঁ কাৰোবাক সাবটি থকা দেখা গৈছে৷

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা আন্না হাজাৰেৰ

ইফালে দুয়ো অভিনেতাৰ অনুৰাগীয়ে ইতিমধ্যে থিৰাং কৰি পেলাইছে যে কেটৰীনা কাইফৰ বাহুবন্ধনত সেয়া আন কোনো নহয়, অভিনেতা বিকি কৌশলহে৷ অৱশ্যে দুয়োজন অভিনেতাই এই পৰ্যন্ত বিষয়টোত কোনো মত প্ৰকাশ কৰা নাই৷ বিকি-কেটৰীনা সঁচাকৈয়ে প্ৰেমৰ দোলেৰে বান্ধ খাইছে নেকি সেয়া জানিবলৈ অনুৰাগীসকল হয়তো আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ’ব পাৰে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular