Google search engine
25.6 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকআত্মহত্যানে অন্য কিবা? নিশা ৰে’লৰ খুন্দাত নিহত কন্যাসহ এগৰাকী মহিলা

আত্মহত্যানে অন্য কিবা? নিশা ৰে’লৰ খুন্দাত নিহত কন্যাসহ এগৰাকী মহিলা

বৰপেটা: বৰপেটাৰ সৰভোগত শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে৷ শুকুৰবাৰে নিশা ৰে’লৰ খুন্দাত মৃত্যু হয় কন্যাসহ এগৰাকী মহিলা৷ সৰভোগ ৰে’ল ষ্টেচনৰ ৰামপুৰ ৰে’ল গেটৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা৷ কথমপি প্ৰাণৰক্ষা হয় ৬মহীয়া এটি শিশুৰ৷ ৰে’লৰ খুন্দাত মৃত্যু হোৱা মাতৃগৰাকীৰ ঘৰ সৰভোগৰ নুনতোলা গাঁৱত৷ মৃত হোৱা মাতৃ-কন্যাৰ নাম হৈছে ক্ৰমে কবিতা নাথ (২৮) আৰু হিমাশ্ৰী নাথ (৮)৷

আনহাতে ভাৰ্গৱ নাথ নামৰ ছমহীয়া শিশুটি দৈৱক্ৰমে ৰক্ষা পৰে৷ শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ একাংশই ঘটনাটোক আত্মহত্যা বুলি ক’ব বিচাৰিছে যদিও এই সম্পৰ্কে নাই কোনো নিশ্চিত তথ্য৷ আনহাতে মহিলাগৰাকীৰ স্বামী ৰাজু নাথ সন্ধানহীন হৈ থকা কথাই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে৷ লক্ষ্যণীয়ভাৱে শিশুটোৰ দেহৰ ওপৰেৰে কেইবাখনো ৰে’ল পাৰ হৈ যোৱাৰ পাছতো দৈৱক্ৰমে বিশেষ আঘাত নোপোৱাকৈ ৰক্ষা পৰে শিশুটো৷ জানিব পৰামতে, নিশা প্ৰায় ১-৪০ বজাত নামনিমুৱা ‘কাঞ্চনজংঘা এক্সপ্ৰেছ’ৰ চালকে সৰভোগৰ ৰামপুৰ গে’টৰ কিছু নিলগত ৰে’ল লাইনৰ ওপৰত মৃতদেহ দেখা পোৱা ঘটনাৰ বিষয়ে বঙাইগাঁৱৰ পাতিলাদহা ৰে’ল ষ্টেচনক অৱগত কৰিছিল৷ এই সম্পৰ্কে সৰভোগ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.6 ° C
25.6 °
25.6 °
97 %
1.2kmh
100 %
Sat
27 °
Sun
27 °
Mon
29 °
Tue
32 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular