spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিককটনত শাসক দলৰ পোহনীয়া গুণ্ডাৰ দাদাগিৰি চলিছে নেকি ? সৰব নৱ-নিৰ্বাচিত সাধাৰণ...

কটনত শাসক দলৰ পোহনীয়া গুণ্ডাৰ দাদাগিৰি চলিছে নেকি ? সৰব নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্রবাসৰ পৰা নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তৰ সংবাদমেল। মাজনিশা কটন বিশ্ববিদ্যালয় ছাত্ৰাৱাসৰ দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ো মোতায়ন কৰিবলগীয়া হৈছিল মাজনিশা। এই সংঘাতক কেন্দ্ৰ কৰি এতিয়াও অব্যাহত আছে উত্তেজনাৰ। ইতিপূৰ্বে মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্রবাসৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আৱেদন জনাইছিল । কিন্তু কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ।

উল্লেখ্য যে, অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাস। ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ হোষ্টেল বাবেই কৰ্তৃপক্ষই কাণ সৰালি দিছে নেকি বুলিও প্ৰশ্ন অভিষেক মহন্তৰ। প্ৰশাসনেও মহেন্দ্ৰনাথ জেকা ফুকন ছাত্রবাসৰ বিৰুদ্ধে অনমনীয় স্থিতি গ্ৰহণ কৰাৰ দাবী নৱ নিৰ্বাচিত সাধাৰণ সম্পাদকৰ। সংবাদমেল যোগে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কটনত অতুল বৰাৰ গুণ্ডাবাহিনীৰ ৰাজত্ব চলিছে নেকি বুলি কঠোৰ প্ৰশ্নবান অভিষেক মহন্তৰ। নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকীয়ে লগতে কয়, ‘কটনৰ সাধাৰণ সম্পাদক আজি নিজেই নিৰাপত্তাহীন ।

৪ তাৰিখেও শিল দলিয়াইছিল সীতানাথ ব্ৰহ্ম ছাত্রবাসৰ ছাত্ৰই। এয়া অসম গণ পৰিষদৰ উচটনি। ত্ৰিনয়ন বৰুৱাকে ধৰি কেইজনমান অসম ছাত্ৰ পৰিষদৰ নেতাই নেতৃত্ব লৈছিল এই সংঘৰ্ষত।অতুল বৰা, ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱৰ বাবেই কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গণতন্ত্ৰত জয়-পৰাজয় থাকেই কিন্তু হিংসাৰ পথ অৱলম্বন কৰাটো নিন্দনীয়।’ জানিবলৈ পোৱা মতে, ৪ তাৰিখে ন্যায় বিচাৰি কৰ্তৃপক্ষৰ কাষ চাপিছিল মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্রবাসৰ ছাত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীকো অৱগত কৰা হৈছিল। কিন্তু আৰক্ষীৰ ভূমিকাক সন্দেহজনক আখ্যা নৱ নিৰ্বাচিত সাধাৰণ সম্পাদকৰ। অতুল বৰাৰ গুণ্ডাবাহিনীৰ ৰাজত্ব আৰু মিত্ৰজোঁট চৰকাৰৰ সাহসতেই কটনৰ মজিয়াত এনে ধৰণৰ ঘটনাই প্ৰাধান্য পোৱাৰ সন্দেহ ঘণীভূত হৈছে। অৱশ্যে, মুঠ ১৫ জন শিক্ষাৰ্থীৰ বিৰুদ্ধে আজি পাণবজাৰ থানাত গোচৰ ৰুজু কৰা হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular