spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকনিৰপৰাধীক আৰক্ষীৰ হাৰাশাস্তি নে তদন্তত গাফিলতি? অসমত সৰহসংখ্যক অভিযুক্তই দোষী সাব্যস্ত নহয়

নিৰপৰাধীক আৰক্ষীৰ হাৰাশাস্তি নে তদন্তত গাফিলতি? অসমত সৰহসংখ্যক অভিযুক্তই দোষী সাব্যস্ত নহয়

ডিজিটেল ডেস্ক : অসমত আৰক্ষীৰ গাফিলতিৰ বাবে আইনৰ সুৰুঙাৰে সাৰি যায় অভিযুক্ত! অন্যথা অসম আৰক্ষীয়ে ভুৱা অভিযোগত গ্ৰেপ্তাৰ কৰে বিভিন্ন লোকক! বিভিন্ন অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এক বুজনসংখ্যক লোকক দোষী সাব্যস্ত কৰাত ব্যৰ্থ হয় আৰক্ষী। শেহতীয়াকৈ প্ৰকাশিত এই তথ্যই অসম আৰক্ষীৰ দক্ষতা তথা তেওঁলোকৰ কাৰ্যকুশলতাৰ ওপৰতে যেন উত্থাপন কৰিছে প্ৰশ্ন। এই তথ্য প্ৰকাশ পাইছে ‘ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো’ৰ প্ৰতিবেদনত। অভিযুক্তক দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰ ১৪.৩৫ শতাংশৰ হোৱাৰ বিপৰীতে অসমত মাত্ৰ ১.৫৩ শতাংশ অভিযুক্তহে দোষী সাব্যস্ত হয়৷ এই উদ্বেগজনক পৰিসংখ্যৰ সবিশেষ দাঙি ধৰি প্ৰতিবেদনখনত দেখুওৱা হৈছে যে, ২০২০ চনত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গ্ৰেপ্তাৰ হৈছিল ১,৩৩,৬৪১ জন লোক৷ ইয়াৰে, অভিযোগনামা দাখিল কৰা হয় ৬১,৬৬৮ জনৰ বিৰুদ্ধে৷ কিন্তু ইয়াৰে দোষী সাব্যস্ত হয় মাত্ৰ ৯৪৯জনহে৷ আনহাতে গ্ৰেপ্তাৰ কৰা ১৬,৯১৯ জনক দোষমুক্ত ঘোষণা কৰে আদালতে৷ ২০৮জনক বিচাৰ প্ৰক্ৰিয়াত প্ৰমাণৰ অভাৱত গোচৰৰ পৰা মুক্তি দিয়া হয় বুলি তথ্যত প্ৰকাশ পাইছে৷


ইপিনে, বিশেষ আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা লোকৰ দোষী সাব্যস্তৰ হাৰো নিম্নতম৷ অসমত এই হাৰ ১.৩৬ শতাংশ হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ ৩৪.১৬ শতাংশ৷ বিশেষ আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা ১২,৪৮২জনৰ বিপৰীতে অভিযোগনামা দাখিল কৰা হৈছিল ৫,৫৬৪ জনৰ বিৰুদ্ধে৷ আনহাতে ইয়াৰ ভিতৰত দোষী সাব্যস্ত হয় মাত্ৰ ৭৬জন আৰু দোষমুক্ত বুলি ঘোষিত হয় ১,১২৮ জন৷ এজনক প্ৰমাণৰ অভাৱত গোচৰৰ পৰা মুক্তি দিয়া হয় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷ উল্লেখ্য যে, ২০২০ চনত ভাৰতীয় দণ্ডবিধি আৰু বিশেষ আইনৰ অধীনত গ্ৰেপ্তাৰ হয় মুঠ ১,৪৬,১২৩জনকৈ লোক৷ ৬৭,২৩২ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল হয়৷

দোষী সাব্যস্ত ১,০২৫ জন, দোষমুক্ত ঘোষণা কৰা হয় ১৭,০৪৭ জনক, গোচৰৰ পৰা মুক্তি দিয়া হয় ২০৯জনক৷ এইক্ষেত্ৰতো ৰাষ্ট্ৰীয় হাৰতকৈ অসম ভালেখিনি পিছপৰা। ৰাষ্ট্ৰীয় হাৰ অনুসৰি অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ হাৰ ২১.৬৩ শতাংশৰ বিপৰীতে অসমৰ হাৰ ১.৫২ শতাংশহে। অৱশ্যে আশাপ্ৰদ কথাটো হৈছে যে, ৰাজ্যত অপৰাধ প্ৰৱণতা হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছে এই প্ৰতিবেদনত৷ অপৰাধ প্ৰৱণতাৰ ৰাষ্ট্ৰীয় হাৰ ৪.৮শতাংশ হোৱাৰ বিপৰীতে অসমত শাস্তিযোগ্য অপৰাধৰ প্ৰৱণতাৰ হাৰ ১.৪ শতাংশ৷ বিশেষ আইনৰ অপৰাধৰ ক্ষেত্ৰতো এই প্ৰৱণতা ৪শতাংশলৈ হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে।


এই প্ৰতিবেদনে এইকথা প্ৰমাণ কৰিছে যে, অসমত আৰক্ষীয়ে হয় সন্দেহবশতঃ নিৰপৰাধী লোকক গ্ৰেপ্তাৰ কৰি আহিছে আৰু অন্যথা অসম আৰক্ষীয়ে গোচৰৰ তদন্তত গাফিলতি কৰি আহিছে। সেইবাবেই ব্যাপক হাৰত আৰক্ষীয়ে বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ কৰা লোকসকল পাছৰ পৰ্যায়ত আইনৰ আওতাৰে দোষমুক্ত হৈ পৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular