spot_img
29 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকদেহ ব্যৱসায়ৰ দেশজোৰা নেটৱৰ্ক চলোৱা কি এই ‘জামতাৰা’?

দেহ ব্যৱসায়ৰ দেশজোৰা নেটৱৰ্ক চলোৱা কি এই ‘জামতাৰা’?

গুৱাহাটী : মহানগৰীত চলি থকা অনলাইন দেহ ব্যৱসায়ৰ মূল কেন্দ্ৰ ‘জামতাৰা’৷ ‘জামতাৰা’ৰ পৰা নিয়ন্ত্ৰণ অনলাইন পোৰ্টেল৷ সমগ্ৰ দেশতে আছে এই চক্ৰৰ বৃহৎ নেটৱৰ্ক৷ টুইটাৰ আৰু ফেচবুকত বিজ্ঞাপন দি ৰাজ্যত দেহ ব্যৱসায় চলোৱা এটা বৃহৎ চক্ৰৰ তথ্য পোহৰলৈ আহিছিল ক্ৰাইম ব্ৰাঞ্চৰ অনুসন্ধানত৷ এই চক্ৰটোৰ মাষ্টাৰ মাইণ্ড বুলি ভৱা মুকুল ভৰদ্বাজ ওৰফে বোম বোমক সোমবাৰে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে৷

‘ট্ৰানজিত ৰিমাণ্ড’ত গুৱাহাটীলৈ লৈ আনি ক্ৰাইম ব্ৰাঞ্চে মাৰাথন জেৰা অব্যাহত ৰাখিছে এই বোম বোম ওৰফে মুকুলক৷ জেৰাত অনলাইন দেহ ব্যৱসায়ৰ জামতাৰা লিংক পোহৰলৈ আহিছে৷ Phishing Capital of India বুলিয়েই পৰিচিত এই জামতাৰা৷ জামতাৰাৰ ওপৰত প্ৰস্তুত হৈছে কেইবাখনো চিনেমা-ৱেব চিৰিজ৷ এই জামতাৰাৰ পৰাই নিয়ন্ত্ৰণ হয় অনলাইন দেহ ব্যৱসায়ৰ পোৰ্টেল৷

ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত এই কথা স্বীকাৰ কৰিছে বিহাৰৰ এইজন বোম বোমে৷ জামতাৰাৰ সুনীল কুমাৰে নিয়ন্ত্ৰণ কৰে দেহ ব্যৱসায়ৰ পোৰ্টেল৷ ছ’চিয়েল মিডিয়াত বিজ্ঞাপন প্ৰচাৰ কৰে সুনীল কুমাৰে৷ আৰু গ্ৰাহকৰ সৈতে কথা পাতি ধন সংগ্ৰহ কৰে বোম বোমে৷ জামতাৰাৰ পৰা নিয়ন্ত্ৰণ হোৱা এই অনলাইন দেহ ব্যৱসায় কেৱল অসমতেই নহয়, দেশৰ প্ৰতিখন চহৰতেই আছে এই চক্ৰটোৰ এজেন্ট৷ এই কথাও স্বীকাৰ কৰিছে বোম বোমে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
29 ° C
29 °
29 °
65 %
0kmh
75 %
Sat
29 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular