spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
HomeUncategorizedইচাটি-বিচাটি গা বিজেপিৰ; ইতিহাস হ’ব নেকি কংগ্ৰেছ!

ইচাটি-বিচাটি গা বিজেপিৰ; ইতিহাস হ’ব নেকি কংগ্ৰেছ!

ডিজিটেল ডেস্ক : ‘বুৰা কাম কা বুৰা নতিজা- কংগ্ৰেছৰ নিচিনা এটা দলৰ আজি এই অৱস্থা! মোৰ আজি সঁচাকৈ অন্তৰৰ পৰা দুখ লাগিছে’- এই মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ৷ ১৭০ বছৰীয়া দলৰ আজিৰ অৱস্থাটোৰ বাবে সচাকৈ চিন্তনীয় বুলি উপলুঙা কৰে ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে৷ উপ-নিৰ্বাচনত ক্লীন ছুইপ বিজেপি মিত্ৰজোঁটৰ৷ ভৱানীপুৰ, থাওৰা, মৰিয়নিত বিজেপিয়ে লাভ কৰে বৃহৎ জয়৷ তামুলপুৰ, গোসাইগাঁৱত ইউপিপিএলে সাব্যস্ত্ৰ কৰে বিজয়ৰ মুকুট৷ শূণ্যতেই থমকি ৰ’ল কংগ্ৰেছ৷ সন্মানৰ যুঁজত বেয়াকৈ মুখথেকেচা খালে অসম প্ৰদেশ কংগ্ৰেছে৷ ইপিনে মৰিয়নিত বিজয়ী হৈ বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়েও হাঁহিৰে উপলুঙা কৰে কংগ্ৰছক৷ কংগ্ৰেছৰ এই শোচনীয় অৱস্থাৰ বাবে কংগ্ৰেছ খুদ দায়ী বুলিও অবিহিত কৰে তেওঁ৷

ইপিনে ঘোষিত ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে বিজেপি মিত্ৰজোঁট৷ ৫ সমষ্টিৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন বিজেপি নেতৃত্বৰ৷ বিজেপিক প্ৰত্যাহ্বান জনাব নোৱাৰিলে কংগ্ৰেছে৷ বিজেপিয়ে ৫ গ’ল দিলে বুলিও মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ৷ ‘মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰাণ পাই উঠিছে অসমে’- বুলিও তেওঁ সদৰী কৰে৷ থাওৰা, মৰিয়নি, ভৱানীপুৰ, তামুলপুৰ, গোসাইগাঁৱৰ ৰাইজলৈ প্ৰণাম জনায় সভাপতিগৰাকীয়ে৷ লগতে উপ-নিৰ্বাচনত আগেয়ে এনে ফলাফল দেখা নাই, প্ৰতিজন প্ৰাৰ্থীৰে ব্যৱধান ২৫ হাজাৰৰো অধিক বুলিও মন্তব্য কৰে তেওঁ৷

সংবাদমেল সম্বোধন কৰি দলৰ প্ৰতিজন কাৰ্য-কৰ্তালৈ ধন্যবাদ জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়, ৫ সমষ্টিৰ পাঁচটাতে চমকপ্ৰদ সাফল্য লাভ বিজেপি মিত্ৰজোঁটৰ৷ সুশান্ত বৰগোহাঞিৰ পূৰ্বৰ ব্যৱধান আছিল ৩ হাজাৰ৷ এইবাৰ এই ব্যৱধান ৩০ হাজাৰ বুলি ব্যক্ত কৰে তেওঁ৷ মৰিয়নিত ব্যৱধান ৪০ হাজাৰ, ভৱানীপুৰতো ২৫৬৪১টা ভোটৰ ব্যৱধানত বিজয়ী হৈছে ফণীধৰ তালুকদাৰৰ৷ অতুল বৰা, প্ৰমোদ বড়োৰো আছে অৱদান যথেষ্ট বুলিও অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ দেশৰ শ্ৰেষ্ঠ ৫ ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাই লক্ষ্য হ’ব বিজেপিৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular