spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকএপিএছচিত অসমীয়া জনাটো বাধ্যতামূলক নহয়: বঙাইগাঁও কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

এপিএছচিত অসমীয়া জনাটো বাধ্যতামূলক নহয়: বঙাইগাঁও কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

ডিজিটেল ডেস্ক : চৰকাৰী পৃষ্ঠপোষকতাতে পুনৰ হ্ৰাস কৰা হ’ল নেকি অসমীয়া ভাষাৰ গুৰুত্ব? পুনৰ অসমীয়া ক এলাগী কৰাৰ এটা পৰোক্ষ প্ৰক্ৰিয়াত আগভাগ ল’লে নেকি ৰাজ্য চৰকাৰে? ৰাজ্য চৰকাৰৰ শেহতীয়া এক পদক্ষেপে পুনৰ এনে কিছুমান প্ৰশ্নৰ উত্থাপন কৰিছে। কিয়নো ৰাজ্য চৰকাৰৰ কেবিনেটৰ শেহতীয়া এক সিদ্ধান্ত অনুসৰি এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলকভাৱে জানিব লাগিব বুলি থকা ধাৰণাটো এতিয়াৰপৰা নোহোৱা হ’ল। শেহতীয়াকৈ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত ভাষাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অনুসৰি এই পৰীক্ষাৰ কাৰণে অসমীয়া নতুবা ৰাজ্যৰ যিকোনো জনগোষ্ঠীয় ভাষা এটা সলসলীয়াকৈ ক’ব পাৰিলেই হ’ব। এইখিনিলৈকে ঠিকেই আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰিছে যে, সহযোগী ৰাজ্যৰ ভাষা বাংলা জানিলেও এপিএছচিৰ পৰীক্ষাত বহাৰ সুযোগ পাব।

অসমত যিহেতু হিন্দীভাষী মানুহৰ সংখ্যা বেছি, গতিকে হিন্দী জানিলেও হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। অৰ্থাৎ অসমীয়ানজনা হিন্দী আৰু বাংলাভাষী লোকেও বহিব পাৰিব এপিএছচিৰ পৰীক্ষা। অৰ্থাৎ, সকলো ভাষীয়েই এপিএছচি পৰীক্ষা দিব পৰাৰ ব্যৱস্থা এটাত বঙাইগাঁও কেবিনেটে আনুষ্ঠানিকভাৱে গ্ৰহণযোগ্য কৰি তুলিলে। ইয়াৰ ফলত অসমীয়া বা জনজাতীয় লোকসকলৰ কি উপকাৰ হ’ল সেই প্ৰশ্ন এতিয়া সজোৰ উত্থাপন হৈছে।

ৰাজ্য ভাষা হিচাপে অসমীয়াভাষাৰ গুৰুত্ব বাঢ়িল নে কমিল সেই কথাও স্পষ্ট নহ’ল কেবিনেটৰ এই সিদ্ধান্তত। বাংলা ভাষাৰ আগ্ৰাসনে অসমীয়াভাষা-ভাষীক গ্ৰাস কৰাৰ আশংকা এটা গাঢ় হৈ পৰাৰ সময়তে তথা দেশৰ দক্ষিণাংশৰ বহু ৰাজ্যই হিন্দীৰ আগ্ৰাসনৰ বিৰুদ্ধে তীব্ৰ বিৰোধ কৰি অহাৰ সময়তে ৰাজ্যৰ কেবিনেটে অসমীয়াভাষাক প্ৰকাৰন্তৰে এলাগী কৰাৰ প্ৰক্ৰিয়া এটাক সাৰ-পানী যোগালে নেকি সেই প্ৰশ্ন এতিয়া সজোৰে উত্থাপন হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular