spot_img
22 C
Guwahati
22 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকটোলগেটৰ মাচুলৰ পৰা সাংবাদিকক ৰেহাই দিয়াৰ দাবী জাফাৰ

টোলগেটৰ মাচুলৰ পৰা সাংবাদিকক ৰেহাই দিয়াৰ দাবী জাফাৰ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন সমূহৰ পৰা কৰ সংগ্ৰহৰ বাবে স্থাপন কৰা টোলগেটৰ মাচুলৰ পৰা সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ যান-বাহনক ৰেহাই দিয়াৰ বাবে দাবী জনাইছে জাৰ্ণেলিষ্ট এছ’চিয়েছন ফ’ৰ আচাম চমুকৈ জাফা। এক প্ৰেছ বিবৃতিযোগে জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে মাজিথিয়া আয়োগে ধাৰ্য্য কৰি দিয়া পাৰিতোষিক অবিহনে অসমৰ গৰিষ্ঠসংখ্যক সাংবাদিকে সংবাদসেৱাৰ পবিত্ৰ দায়িত্বত নিয়োজিত হৈ সমাজসেৱাত নিজৰ দায়িত্ব আৰু কৰ্তব্যক কাণ সৰালি নিদিয়াকৈ পালন কৰি আহিছে বু‌লি সদৰী কৰিছে।

আৰ্থিক অৱস্থা শোচনীয় হলেও নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ সুবাদতে সংবাদ সংগ্ৰহৰ নিমিত্তে সাংবাদিক সকলে সংবাদ সংগ্ৰহ কৰি আহিছে অবিৰাম। তেনে ক্ষেত্ৰত সাংবাদিকে ব্যৱহাৰ কৰা যান-বাহনেও টোলগেটত মাচুলৰ আদায় দিব লগা হোৱাত অসমৰ সাংবাদিক সমাজ আৰ্থিকভাৱে ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমস্যাৰ পৰা অসমৰ সাংবাদিক সমাজক শীঘ্ৰে পৰিত্ৰান দিবলৈ জাফাৰ নেতৃবৃন্দই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক আহ্বান জনায় ।

বিবৃতিটোত জাফাৰ নেতৃবৃন্দই লগতে কয় যে – টোলগেটৰ মাছুলৰ পৰা সকলো সাংবাদিকক ৰেহাই দিয়াত অসুবিধা থাকিলে আৰম্ভনিতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদমাধ্যম , সংবাদ প্ৰতিষ্ঠানৰ যান-বাহনক মাছুল ৰেহাই ঘোষণা কৰি অসম চৰকাৰে সাংবাদিক সমাজৰ প্ৰতি থকা নিজৰ সদিচ্ছা আৰু সদ্ভাৱৰ পৰিচয় দিয়া উচিত। গণতন্ত্রৰ চতুর্থ স্তম্ভ হিচাপে ৰাইজৰ স্বাৰ্থত দিন-ৰাতি একাকাৰ কৰি কাম কৰা সাংবাদিক সকলোৰ বহুতো সমস্যাৰ বিষয়েও মন্তব্য কৰে জাফাৰ সভাপতি গৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular