একেলগে মদ খাম আহা! ছাত্ৰীক অশ্লীল মেছেজ দি পুনৰ ৰঙাঘৰত শিক্ষক

0
4415
শিক্ষক
একেলগে মদ খাম আহা! ছাত্ৰীক অশ্লীল মেছেজ দি পুনৰ ৰঙাঘৰত শিক্ষক

ডিজিটেল ডেস্কঃ শিক্ষক বৃত্তিক সমাজৰ অতিকৈ পবিত্ৰ বৃত্তি হিচাপে গণ্য কৰা হয়৷ কিন্তু কেতিয়াবা শিক্ষকৰ কিছুমান কাণ্ডই লজ্জানত কৰে সভ্য সমাজক৷ পুনৰ শিক্ষকে কৰিলে এক লজ্জাজনক কাণ্ড৷ ঘটনাৰ স্থান ৰাজস্থান জয়পুৰৰ৷ জয়পুৰৰ ছেণ্ট জেভিয়াৰ্ছ স্কুলৰ নিখিল জছ নামৰ এনচিচিৰ শিক্ষক এজনে ছাত্ৰীলৈ প্ৰেৰণ কৰিছিল অশ্লীল মেছেজ৷ শিক্ষকজনে ছাত্ৰীসকলক মদ খাবলৈ লগ ধৰাৰ লগতে হোষ্টেলৰ বাহিৰত লগ কৰাৰ অশালীন প্ৰস্তাৱ দিছিল৷

এজনী দুজনী নহয় ১০গৰাকীকৈ ছাত্ৰীক এই মেছেজ প্ৰেৰণ কৰিছিল লম্পট শিক্ষকজনে৷ শিক্ষক নিখিল জছৰ এই মেছেজ পাই ছাত্ৰীসকল হতভম্ব হয়৷ ছাত্ৰীকেইগৰাকীয়ে আলোচনা কৰি শিক্ষক নিখিল জছক এশিকনি দিয়াৰ সিদ্ধান্ত লয়৷ ভুক্তভোগী ছাত্ৰীকেইগৰাকীয়ে ছ’চিয়েল মিডিয়াত শিক্ষক নিখিল জছৰ বিৰুদ্ধে কেম্পেইন আৰম্ভ কৰে৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নিখিলে ছাত্ৰীকেইগৰাকীলৈ প্ৰেৰণ কৰা অশ্লীল মেছেজ৷ ৰাজস্থান আৰক্ষীয়ে শিক্ষকজনক আটক কৰি তেওঁৰ মোবাইল ফোন জব্দ কৰে আৰু তদন্তৰ অন্তত সেয়া সত্য প্ৰমাণিত হয়৷ ছেণ্ট জেভিয়াৰ্ছ স্কুলে নিখিল জছক বহিষ্কাৰ কৰে৷ বৰ্তমান আৰক্ষীৰ জিম্মাত নিখিল জছ৷