Google search engine
25.6 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeৰাষ্ট্ৰীয়শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

নতুন দিল্লী : সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত শান্তি এতিয়া সুদূৰপৰাহত নহয়। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সমস্যা ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহাৰ ইংগিত পোৱা গৈছে। কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ সলনি হোৱা জম্মু-কাশ্মীৰৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চল এতিয়া নিৰাপত্তা বিহিনীৰ অভেদ্য দুৰ্গত পৰিণত হৈছে। ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ পৰা আহিছে সুখবৰ।

আৰু পঢ়িব পাৰিব : জঘন্য কাণ্ড : বলাৎকাৰীৰ হাতৰ পৰা সাৰি নগ’ল ৯০ বছৰীয়া বৃদ্ধাও

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দিয়া তথ্য অনুসৰি ২০২০চনত কেন্দ্ৰীয়শাসিত প্ৰদেশখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ পূৰ্বৰ বছৰৰ তুলনাত ৬৩.৯৩ শতাংশলৈ হ্ৰাস পাইছে। ২০১৯ চনৰ তুলনাত ২০২০চনৰ নৱেম্বৰ মাহলৈ এনে ঘটনা লক্ষ্যণীয়ভাৱে হ্ৰাস হোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

আৰু পঢ়িব পাৰিব : ঐতিহাসিক ১৭ ঘণ্টাজোৰা যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰিলে কেপ্তেইন জয়াৰ বিমানে

মন্ত্ৰণালয়ে লগতে দিয়া তথ্য অনুসৰি বিগত বছৰটোত সামৰিক বাহিনীৰ লোকৰ মৃত্যুৰ হাৰো ২৯.১১শতাংশলৈ হ্ৰাস পাইছে। যোৱা বছৰৰ ১৫ নৱেম্বৰলৈ অসামৰিক লোক তথা সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে ১৪.২৮ শতাংশলৈ।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.6 ° C
25.6 °
25.6 °
97 %
1.2kmh
100 %
Sat
27 °
Sun
27 °
Mon
29 °
Tue
32 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular