spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeৰাষ্ট্ৰীয়প্ৰশিক্ষণ কালতে দুৰ্ঘটনাগ্ৰস্ত হ'ল সেনাৰ হেলিকপ্টাৰঃ প্ৰাণ হেৰুৱালে দুগৰাকী পাইলটে

প্ৰশিক্ষণ কালতে দুৰ্ঘটনাগ্ৰস্ত হ’ল সেনাৰ হেলিকপ্টাৰঃ প্ৰাণ হেৰুৱালে দুগৰাকী পাইলটে

ডিজিটেল ডেস্কঃ জম্মু- কাশ্মীৰৰ উধমপুৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।ভাৰতীয় সেনাৰ এখনি হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মঙলবাৰে প্ৰাণ হেৰুৱাইছে দুগৰাকী পাইলটে।জম্মুস্থিত প্ৰতিৰক্ষা মুখপাত্ৰই জনায় যে পাটনিটপ অঞ্চলত প্ৰশিক্ষণ চলি থকাৰ কালতে উক্ত হেলিকপ্টাৰখন উধমপুৰ জিলাৰ গড় ধৰ অঞ্চলত দুৰ্ঘটনাত পতিত হয়।

সামৰিক বাহিনীৰ এগৰাকী বিষয়াই আগবঢ়োৱা তথ্য অনুসৰি দুৰ্ঘটনাটো মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা ১০.৪৫ বজাৰ ভিতৰত সংঘটিত হৈছিল।নদাৰ্ণ কমাণ্ডৰ এগৰাকী মুখপাত্ৰই সোনকালেই এই সম্পৰ্কে সবিশেষ জনাই আনুষ্ঠানিক বিবৃতি জাৰি কৰা হ’ব বুলি জনাইছে।

দুৰ্ঘটনাৰ সবিশেষ বিচাৰি এতিয়াও অনুসন্ধান চলি আছে বুলি সেনাৰ শীৰ্ষ সূত্ৰত প্ৰকাশ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular