spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াকোহলী,বুমৰাহৰ বিস্ফোৰণ; শাস্ত্ৰী-অৰূণৰ মাষ্টাৰ আইডিয়াতে অংকিত হৈছিল ভাৰতীয় দলৰ মানচিত্ৰ…

কোহলী,বুমৰাহৰ বিস্ফোৰণ; শাস্ত্ৰী-অৰূণৰ মাষ্টাৰ আইডিয়াতে অংকিত হৈছিল ভাৰতীয় দলৰ মানচিত্ৰ…

নতুন দিল্লীঃ ভাৰতীয় দলৰ সৈতে সুদীৰ্ঘ ৭বছৰীয়া সম্পৰ্কৰ ইতিৰেখা টানিলে ৰবি শাস্ত্ৰীয়ে। মূখ্য প্ৰশিক্ষকৰ বিদায় বেলাত আৱেগিক হৈ পৰিল বিৰাট কোহলী। সামাজিক মাধ্যমত প্ৰকাশ পাইছে কোহলীৰ বিদায় বাৰ্তা। কোহলীৰ লগতে বেগী বলাৰ যশপ্ৰীত বুমৰাহেও ৰবি শাস্ত্ৰীক জনালে বিদায়। সামা‌জিক মাধ্যমত তিনিখন ছবি প’ষ্ট কৰিছে কোহলীয়ে। য’ত মূখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী, বলিং কোচ বি. অৰূণ আৰু ফিল্ডিং প্ৰশিক্ষক শ্ৰীধৰক দেখিবলৈ পোৱা গৈছে। প’ষ্টটোৰ শিৰোনামত কোহলীয়ে লিখিছে,‘ আপোনালোকৰ সৈতে কটোৱা সুখময় সময়ৰ স্মৃতি মই পাৰহিব নোৱাৰিম। দল হিচাপে আমাক আগুৱাই লৈ যোৱাৰ বাবে আপোনা সবকে ধন্যবাদ জ্ঞাপন কৰিছো। ভাৰতীয় ক্ৰিকেট দলৰ উত্তৰণৰ এই যাত্ৰাত আপোনালোকৰ অৱদান লেখত ল’বলগীয়া। চিৰস্মৰণীয় হৈ ৰ’ব সকলো। জীৱনৰ আহিবলগা দিনবোৰ হৈ পৰক আৰু অধিক মধুময়।’

সামাজিক মাধ্যমত কোহলীৰ এই প’ষ্টটো পোৱাৰ পাছত আৱেগিক হৈ পৰে ভাৰতীয় ক্ৰীড়ানুৰাগী। আনকি পাকিস্তানৰ বহু ক্ৰীকেট প্ৰেমীয়েও কোহলীৰ সৌজন্যতাত মুগ্ধ হোৱা দেখা গ’ল। একাংশই কোহলীৰ সমৰ্থনত কৰিছে মন্তব্য। কোহলীৰ দৰে বুমৰাহেও বিদায়ী প্ৰশিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। বুমৰাহে লিখিছে, ‘সহযোগিতা, অনুপ্ৰেৰণা আৰু উত্‍সাহ যোগোৱাৰ লগতে, নেপথ্যত থাকি পথ প্ৰদৰ্শক হিচাপে অহৰহ আমাৰ উত্তৰণৰ বাবে আপোনালোকৰ ক্লান্তহীন পৰিশ্ৰমে আমাক গঢ়ি তুলিলে। এই অমূল্য শিক্ষা তথা অৱদানৰ বাবে আজীৱন কৃতজ্ঞ হৈ ৰ’ম। মধুময় হৈ পৰক জীৱনৰ সময়বোৰ।শুভেচ্ছা।’


উল্লেখ্য যে, বুমৰাহৰ টেষ্ট ক্ৰিকেটত অভিষেক শাস্ত্ৰী আৰু বলিং প্ৰশিক্ষক অৰূণৰ কাৰ্যকালৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ হিচাপে খোদিত হৈ ৰ’ব। বুমৰাহক কেৱল এজন বগা বলৰ বলাৰ বুলি যেতিয়া গণ্য কৰা হৈছিল তেতিয়াই শাস্ত্ৰী-অৰূণে দেখিবলৈ পাইছিল প্ৰচুৰ সম্ভাৱনা। শাস্ত্ৰী-অৰূণে বুজি পাইছিল যে, যদি ভাৰতীয় দলটোৱে বিদেশী খেলপথাৰত টেষ্ট ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিব লগা হয়, তেন্তে এজন বেগী বলাৰৰ প্ৰয়োজন। সেই উদ্দেশ্যে, তেওঁলোকে বুমৰাহক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰি বিশেষভাৱে প্ৰস্তুত কৰিছিল। বুমৰাহৰ দৰে এজন বেগী বলাৰে টেষ্টত একেৰাহে বল কৰিবলৈ কঠোৰ অনুশীলন কৰিব লগা হৈছিল। শাস্ত্ৰী-অৰূণৰ তাগিদাতেই বুমৰাহে অনন্য ৰূপত আত্মপ্ৰকাশ কৰিছিল। কেপ টাউনত অনুষ্ঠিত প্ৰথম টেষ্টত খেলপথাৰলৈ বুমৰাহ যি ওলালে তেতিয়াৰ পৰা আৰু পিছলৈ ঘূৰি চোৱা নাই। ভাৰতীয় টেষ্ট দলৰ এক নম্বৰ পেচাৰ হিচাপে নাম ৰৈ বৈ গৈছিল বুমৰাহৰ। এই সময়খিনিত ভাৰতীয় বলিং বিভাগৰ যে আমূল পৰিৱৰ্তন হৈছিল তাক নিশ্চিয় অস্বীকাৰ কৰিব নোৱাৰি। কোহলীয়ে কোৱাৰ দৰে শাস্ত্ৰী-অৰূণৰ এই অমূল্য অৱদানৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব ক্ৰিকেট ইতিহাসত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular