spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিককবি নীলমণি ফুকনলৈ ‘জ্ঞানপীঠ’, নিৰ্জনতাৰ পৰা কোলাহললৈ এটা আত্মমগ্ন কাব্যযাত্ৰা

কবি নীলমণি ফুকনলৈ ‘জ্ঞানপীঠ’, নিৰ্জনতাৰ পৰা কোলাহললৈ এটা আত্মমগ্ন কাব্যযাত্ৰা

ডিজিটেল ডেস্ক: অৱশেষত আহিল বহু প্ৰত্যাশিত এই সুখবৰ। অসমীয়া সাহিত্যই লাভ কৰিলে তৃতীয়টো জ্ঞানপীঠ পুৰস্কাৰ। ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামীৰ পাছত এইবাৰ ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ স্বীকৃতি জ্ঞানপীঠ আগবঢ়োৱা হ’ল কবি নীলমণি ফুকনলৈ। কেৱল অসমীয়া সাহিত্যকে নহয় ভাৰতীয় কাব্য সাহিত্যক এক অনতিক্ৰম্য উচ্চতালৈ যিগৰাকী কবিয়ে লৈ যাবলৈ সক্ষম হৈছিল, সেইগৰাকী কবিয়ে ‘জ্ঞানপীঠ’ৰ দৰে স্বীকৃতি লাভ কৰাটো অসমীয়া জাতিৰ বাবেই এক অতুলনীয় আনন্দ আৰু গৰ্বৰ কথা।

দীঘলীয়া সময় ধৰি কাব্যঋষিক এই স্বীকৃতি প্ৰদানৰ চৰ্চা চলি আহিছিল। আৰু আজি এই আকস্মিক শুভবাৰ্তাই অসমীয়া সাহিত্যৰ জগতখনক কৰি তুলিলে উদ্ভাসিত। অগণিত অসমীয়া কবিৰ পথপ্ৰদৰ্শক হৈ পৰা কবিগৰাকীয়ে জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰাটো অসমীয়া কবিতালৈ অহা এটা বিৰল স্বীকৃতি। এগৰাকী ধ্যানমগ্ন ঋষিৰ দৰে কবিতাকে সাধনাৰ বিষয় কৰি লোৱা কবি নীলমণি ফুকনে আত্মোৎসৰ্গিত, আত্মনিবেদিত ৰূপেৰে অসমীয়া কবিতাক কৰি তুলিলে মহীয়ান। নিৰ্জনতাৰ পৰা আৰম্ভ হোৱা তেওঁৰ কাব্যযাত্ৰাই মানুহৰ মাজলৈ গৈ কিদৰে এক অনন্য আয়তন লাভ কৰিছিল সেয়া প্ৰতিগৰাকী কাব্যৰসিকেই আন্তৰিকতাৰে উপলব্ধি কৰি আহিছে। স্বৰূপাৰ্থতে তেওঁ অভিহিত কৰা হয় কাব্যঋষিৰূপে। ঋষিতুল্য ধীৰতা, আত্মমগ্নতাৰ মাজেৰে তেওঁ প্ৰতিটো কবিতাৰ শৰীৰ গঢ়িছিল। তেওঁৰ এই অতুলনীয় কাব্যযাত্ৰাই অসমীয়া কবিতাক মহীয়ান কৰি তুলিছিল।


১৯৩৩ চনত দেৰগাঁৱত জন্মগ্ৰহণ কৰা কবি নীলমণি ফুকনৰ কাব্যযাত্ৰা আৰম্ভ হৈছিল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ কাব্যগ্ৰন্থেৰে। তাৰ পাছত ‘নিৰ্জনতাৰ শব্দ’, ‘আৰু কি নৈশব্দ’, ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’, ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’, ‘গোলাপী জামুৰ লগ্ন’, ‘কবিতা’, ‘নৃত্যৰতা পৃথিৱী’ আদি কাব্যগ্ৰন্থেৰে তেওঁৰ অতুলনীয়া কাব্যযাত্ৰাক পৰিপূৰ্ণ ৰূপ দিছিল। কবি ফুকনৰ ডঃ হীৰেন গোঁহাইৰ পাতনি সম্বলিত তথা তেওঁ নিৰ্বাচন কৰা কবিতাৰে প্ৰকাশ পোৱা ‘সাগৰতলিৰ শংখ’ই কবি হিচাপে তেওঁৰ ব্যুৎপত্তি তথা তেওঁ অতুলনীয়া বৈভৱক তুলি ধৰে। কবি ফুকনৰ জীৱনজোৰা কাব্যকৃতিৰ নিদৰ্শন দাঙি ধৰে তেওঁৰ কবিতা সমগ্ৰ ‘সম্পূৰ্ণ কবিতা’ই। প্ৰথমাৰ্ধৰ কবিতালানিক কবি ফুকনে অন্তৰ্জগতৰ ধ্বনিময়তা আৰু নিশব্দতাক প্ৰতিভাত কৰিছিল যদিও পাছলৈ তেওঁৰ কবিতাই সমাজ আৰু মানুহমুখী এটা যাত্ৰাত অৱতীৰ্ণ হ’ল আৰু ক্ষয়িষ্ণু সমাজ আৰু সময়ৰ সকলো দিশ নিৰহ নিপানীকৈ তুলি ধৰিবলৈ সক্ষম হ’ল। কবি ফুকনৰ কবিতাৰ নৈশব্দৰ পৰা কোলাহলমুখী যাত্ৰাটোৱে অসমীয়া কবিতাক দিবলৈ সক্ষম হ’ল অতুলনীয় গৰিমা। সেই কৃতিত্বৰ চিনস্বৰূপেই কবিগৰাকীয়ে লাভ কৰিলে ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ স্বীকৃতি।


কেৱল কবিতাৰ জৰিয়তেই নহয়, অসমৰ লোককলা, লোকশিল্পৰ সাধনাতো অহৰহ ব্ৰতী হৈ আছিল কবিগৰাকী। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰতি হৈ থকা লোককলাৰ নিদৰ্শন, বিভিন্ন শৈল ভাস্কৰ্য আৰু এইবোৰে ধৰি ৰখা ইতিহাসৰ অন্বেষণত তেওঁ ব্ৰতী হৈছিল আৰু এইবোৰক লৈ তেওঁ লোককলা বিষয়ক কেইবাখনো আপুৰুগীয়া গ্ৰন্থ ৰচনা কৰিছিল। ‘লোককল্প দৃষ্টি’, ‘ৰূপ বৰ্ণ বাক’, ‘শিল্পকলাৰ উপলব্ধি আৰু আনন্দ’, ‘শিল্পকলাৰ দৰ্শন’ আদি তেওঁৰ শিল্পকলা বিষয়ক গ্ৰন্থ। কবিগৰাকীৰ কাব্যিক উত্তৰণৰ বাটত তেওঁৰ এই শিল্পকলা বিষয়ক অভিজ্ঞতা আৰু অধ্যয়নে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। মানৱীয় অন্তৰ্জগতৰ নিৰৱতাৰ পৰা সামাজিক জীৱনৰ বিশৃংখল বাস্তৱলৈ তেওঁৰ এই যাত্ৰা অসমীয়া কবিতাৰ বাবেই এক বিৰল বিস্ময়। এতিয়া এই স্বীকৃতিয়ে প্ৰমাণ কৰিলে যে, কবি ফুকনৰ কাব্যযাত্ৰা কেৱল অসমীয়া কবিতাৰ বাবেই নহয় ভাৰতীয় সাহিত্যৰ বাবেও বিৰল বিস্ময়।


কবি ফুকনে নিজৰ সৃষ্টিৰেই, বিশ্ব সাহিত্যৰ বাছকবনীয়া কাব্যৰ অনুসৃষ্টিৰ জৰিয়তেও অসমীয়া কাব্যজগতখনক সমৃদ্ধ কৰি তুলিছিল। চীনা কবিতা, জাপানী কবিতা, গাৰ্থিয়া ল’ৰকাৰ কবিতা আদিৰ সাৱলীল ভাঙনিৰ জৰিয়তে তেওঁ অন্য এক কৃতিত্বৰ নিদৰ্শন দাঙি ধৰিছিল। ‘কবিতা’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল ‘সাহিত্য অকাদেমি বঁটা’। কেৱল এয়াই নহয় তেওঁ ‘সাহিত্য অকাদেমি’ৰ সৰ্বোচ্ছ সন্মান ‘ফেল” লাভ কৰিবলৈকো সক্ষম হৈছিল। তেওঁ লাভ কৰিছিল ‘অসম উপত্যকা সাহিত্য বঁটা’ও।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular