spot_img
24.9 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeক্ৰীড়া‘হোৱাইট হাউছ’লৈ আমন্ত্ৰণ আমেৰিকান অলিম্পিয়ানক

‘হোৱাইট হাউছ’লৈ আমন্ত্ৰণ আমেৰিকান অলিম্পিয়ানক

ৱাশ্বিংটনঃ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিম্পিয়ানসকলক তেওঁলোকৰ প্ৰশংসনীয় প্ৰদৰ্শনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। কৰ’না মহামাৰীয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ পাছতো থমকি নোৰোৱা এথলীট সকলৰ সাফল্যত্‍সৱত স্বাভাৱিকতে আপ্লুক জ’ বাইডেন। মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ঝিল বাইডেনৰ সৈতে, ডেলাৱেৰৰ উইলমিংটনৰ বাসগৃহৰ পৰা শনিবাৰে সন্ধিয়া জুম মীটৰ জৰিয়তে অলিম্পিকলৈ ৰাওনা হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলৰ সৈতে বাৰ্তালাপ কৰে।


দম্পতীহালে খেলুৱৈসকলক তেওঁলোকৰ সফলতা উদযাপন কৰিবলৈ ‘হোৱাইট হাউছ’ লৈ আমন্ত্ৰণ জনাইছে। তেওঁলোকে খেলুৱৈসকলক বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰাংগণত দেখুওৱা চমকপ্ৰদ পাৰদৰ্শিতাৰ বাবে প্ৰশংসা কৰিছে। লগতে বাইডেনে সদৰী কৰে যে, ‘আমেৰিকাই যেতিয়া বিশ্বক নেতৃত্ব দিয়ে তেতিয়া আমাৰ শক্তিৰ উদাহৰণৰ দ্বাৰা নহয় কিন্তু আমাৰ উদাহৰণ শক্তিৰ দ্বাৰা আগবাঢ়ি যায়। এয়াই সত্য। আৰু আপোনালোক ইয়াৰে এক উজ্জ্বল প্ৰতীক। সেইবাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো।’


উল্লেখ্য যে, ট’কিঅ’ অলিম্পিক ২০২০ত আমেৰিকা যুক্তৰাষ্ট্ৰই ৩৯টা সোণৰ, ৪১টা ৰূপৰ আৰু ৩৩টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।সৰ্বমুঠ ১১৩টা পদকেৰে তালিকাৰ শীৰ্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আনহাতে, ৮৮টা পদক লাভেৰে দ্বিতীয় স্থানত আছে চীন আৰু ৫৮টা পদক অৰ্জনেৰে তৃতীয় স্থানত আছে আয়োজক দেশ জাপান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
few clouds
24.9 ° C
24.9 °
24.9 °
95 %
1.4kmh
23 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular