Google search engine
35 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeব্ৰেকিং নিউজজন আব্ৰাহামে মুকলি কৰিলে 'এক ভিলেইন ৰিটাৰ্নছ'ৰ পোষ্টাৰ

জন আব্ৰাহামে মুকলি কৰিলে ‘এক ভিলেইন ৰিটাৰ্নছ’ৰ পোষ্টাৰ

মুম্বাই : আহি আছে নতুন ছবি ‘এক ভিলেইন ৰিটাৰ্নছ’ ৷ ২০২২ৰ ১১ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব লগা বলীউডৰ ছবিখনৰ আজি প্ৰথমখন পোষ্টাৰ টুইটাৰযোগে মুকলি কৰিলে ছবিখনত অভিনয় কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে৷

আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ


মোহিত সুৰীয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম, অৰ্জুন কাপুৰ, দিশা পাটানি আৰু তাৰা ছুটাৰিয়াৰ দৰে জনপ্ৰিয় তাৰকাই৷ ছবিখনৰ পৰিচালক মোহিত সুৰীয়ে কয় যে, ‘এক ভিলেইন’ ছবিখনক যিদৰে সকলোৱে মৰম দিছে সেয়া আজিও সজীৱ৷ আশাকৰো পূৰ্বৰ দৰেই সকলোৱে আহিব লগা ‘এক ভিলেইন ৰিটাৰ্নছ’ক মৰম দিব৷

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

জন আব্ৰাহামে টুইটত লিখিছে,‘এই কাহিনীটোৰ হিৰো হৈছে ভিলেইনজন’ (“Iss kahaani ka hero, villain hai! #EkVillainReturns)। উল্লেখ্য যে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা ‘এক ভিলেইন’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰ আৰু ৰিতেশ দেশমুখে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
0kmh
75 %
Thu
35 °
Fri
33 °
Sat
32 °
Sun
32 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular