spot_img
13.7 C
Guwahati
13.7 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকনিমিষতে হেৰাই গ’ল ‘সপোনপ্ৰেমী’, ‘সংগীতপ্ৰেমী’ অনিমেষ…ভয়ংকৰ নৃশংসতাৰ সাক্ষী ৰাজ্যবাসী

নিমিষতে হেৰাই গ’ল ‘সপোনপ্ৰেমী’, ‘সংগীতপ্ৰেমী’ অনিমেষ…ভয়ংকৰ নৃশংসতাৰ সাক্ষী ৰাজ্যবাসী

ডিজিটেল ডেস্ক : একাংশ মানুহৰ নৃশংসতা আৰু পুনৰ বৰ্বৰতাৰ দুৰ্ভগীয়া সাক্ষী হ’বলগীয়া হ’ল আমাৰ সমাজ। সামান্য অজুহাততে এজন তেজোদ্বীপ্ত যুৱকক নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে একাংশ পৈশাচিক প্ৰবৃত্তিৰ লোক। অকালতে হেৰাই গ’ল বহু সম্ভাৱনা, নিমিষতে সমাধিস্থ হৈ পৰিল বহু সপোন। যোৰহাটত সংঘটিত এটা বৰ্বৰ হত্যাকাণ্ডই এতিয়া সৰ্বত্ৰে তুলিছে জোকাৰণি। সকলোৰে অন্তৰ তিয়াই পেলাইছে শোকৰ প্লাৱনে। অপৰাধ প্ৰৱণতাৰে বিষাক্ত মন-মানসিকতাৰ একাংশ লোকৰ হাতত প্ৰাণ হেৰুৱালে অনিমেষ ভূঞা নামৰ যুৱকজনে। যোৰাহাটক ঠাকুৰবাৰী অঞ্চলত সংঘটিত এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে শোকৰ বা বলিছে।


প্ৰত্যক্ষদৰ্শীয়ে দিয়া বিৱৰণ অনুসৰি দুৰ্ভগীয়া অনিমেষে তেওঁৰ আন দুজন বন্ধু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ সৈতে যোৰহাটলৈ বজাৰ কৰিবলৈ আহিছিল। তেওঁলোক তিনিও আছুৰ সদস্য। তেওঁলোক আহি এটা ঠাইত গাড়ী ৰখোৱাৰ পাছতে তেওঁলোকে এজন লোকক স্কুটীৰে আহি তেওঁলোকক গাড়ীৰ কাষতে বাগৰি পৰা দেখে। তেওঁলোকে লোকজনক সহায় কৰিবলৈ আগুৱাই যায়। লোকজন সুৰামত্ত হৈ আছিল বুলি জানিব পৰা গৈছে। সেই মুহূৰ্ততে একাংশ যুৱকে আহি এওঁলোক তিনিও দুৰ্ঘটনা সংঘটিত কৰা বুলি অভিযোগ কৰি আক্ৰমণ আৰম্ভ কৰি দিয়ে। প্ৰথমে দুই এজনকৈ আহি তেওঁলোকক প্ৰহাৰ কৰা আৰম্ভ কৰে আৰু নিমিষতে ৰহস্যজনকভাৱে বহু যুৱকৰ সেই স্থানত সমাগত ঘটে আৰু তিনিওকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। আক্ৰমণকাৰীৰকেইজনৰ ভিতৰত বহু ড্ৰাগছ সেৱনকাৰী যুৱকো আছিল বুলি স্থানীয় লোকে সদৰি কৰিছে। যুৱকৰ দলটোৰ আক্ৰমণ বাকী দুজনৰ প্ৰাণ ৰক্ষা পৰিল যদিও অনিমেষে শেষ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। মৃদষ্মন্ত আৰু প্ৰণয়ে অনিমেষত উদ্ধাৰ কৰি আঁতৰাই নিবলৈ চেষ্টা কৰিছিল যদিও উন্মত্তপ্ৰায় যুৱকৰ দলটোৰ আক্ৰমণৰ পৰা তেওঁক বছাব নোৱাৰিলে। আনকি চিকিৎসালয়লৈ নিয়াৰ সময়তো আনকি তেওঁলোকক খেদি গৈছিল যুৱকৰ দলটোৱে। সেই স্থানত সেই সময়ত থকা অন্যান্য লোক তথা আৰক্ষীৰ লোকেও জিংঘাংসু যুৱকৰ দলটোৰ পৰা বছাব নোৱাৰিলে অনিমেষক।


উল্লেখ্য যে, গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক আছিল অনিমেষ। সমাজ হিতৈষী এই যুৱকজন আছিল স্বপ্ন বিলাসী এজন যুৱক। ফেচবুকত নিজৰ পৰিচয় দাঙি ধৰি তেওঁ লিখা কথাকেইটাই বিশেষ তাৎপৰ্য বহন কৰে। তেওঁ নিজৰ পৰিচয় দিছে, ‘সপোনপ্ৰেমী’, ‘সংগীতপ্ৰেমী’ বুলি। এইগৰাকী সপোনপ্ৰেমী, সংগীতপ্ৰেমী অনিমেষৰ সকলো সপোন নিমিষতে ধূলিস্যাৎ কৰি পেলালে এটা দুৰ্বৃত্তৰ দলে। আৰক্ষীয়ে এই দুষ্কৃতিকাৰীৰ দলটোৰ ৬জনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। কিন্তু অনিমেষৰ দৰে সম্ভাৱনাপূৰ্ণ যুৱক একোজনৰ এনে অবাঞ্চিত অকাল প্ৰস্থানে সমাজৰ যি ক্ষতি কৰিব সেয়া জানো পূৰণ হ’ব। সমাজৰ এই বিষাক্ত কীটৰ দৰে উপাদানবোৰৰ দংশনে কিদৰপৰা কিদৰে, কেতিয়া ৰক্ষা পৰিব সমাজ?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular