spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকদেউতা আমি আহিছোঁ... আইচিইউত যোছেফৰ মাতৃহাৰা নাবালক পুত্ৰ, কিদৰে কৰিছে পিতৃৰ পৰিচৰ্যা?

দেউতা আমি আহিছোঁ… আইচিইউত যোছেফৰ মাতৃহাৰা নাবালক পুত্ৰ, কিদৰে কৰিছে পিতৃৰ পৰিচৰ্যা?

ডিজেটেল ডেস্ক : গুৱাহাটী নামৰ দূৰৈৰ অচিনাকি ঠাইখনৰ হাস্পতালত দেউতাক অকলে পৰি আছে। গুৱাহাটীত কাম কৰিলে বহুত পইচা পাব বুলি ওলাই যোৱা পিতৃৰ ডাঙৰ এক্সিডেণ্ট হৈছে। কিন্তু সেই অচিনাকি ঠাইলৈ যাবগৈ কিদৰে? পিতৃলৈ বাট চাই চাই দক্ষিণ গাৰো পাহাৰ জিলাৰ নংগালবিব্ৰা গাঁৱত তিনিটা মাউৰা শিশু-কিশোৰ ৰৈ আছিল। ২ অক্টোবৰৰ পৰা গুৱাহাটীত শ্ৰমিকৰ কাম কৰি থকা পিতৃয়ে পইচা পঠিয়াব পৰা নাছিল। দুৰ্ঘটনাত পতিত হৈ তেওঁ অথৰ্ব শৰীৰেৰে পৰি আছিল হাস্পতালৰ বিছনাত।

যোছেফ মাৰাকৰ সন্তান ৰাফেল চাংমা আৰু ছানডে বাৰ্থ …

হয়তো গল্প-উপন্যাসক কল্পিত কাহিনীও ইয়াতকৈ কম কৰুণ হ’ব। যিমান কৰুণতাই গ্ৰাস কৰিছে এই পৰিয়ালটোক। পৰিয়ালটো যোছেফ মাৰাকৰ। ৰাজকন্যা বৰুৱা নাম উতনুৱা মডেলগৰাকীৰ নিয়ন্ত্ৰণহীন গাড়ীয়ে ছন্দ নোহোৱা কৰি পেলাইছিল এই পৰিয়ালটোৰ জীৱনৰ। ৰাজকন্যাৰ শাস্তি হৈছে। এদিন শাস্তি সম্পূৰ্ণ কৰি মুকলিও হ’ব। কিন্তু তেওঁৰ দুষ্কাৰ্যই যোছেফ মাৰাকৰ পৰিয়ালটোলৈ যি দুৰ্যোগ নমাই আনিলে সেই দুৰ্যোগ সহজে আঁতৰ নহ’ব।
যোছেফ মাৰাকৰ তিনি সন্তান ৰাফেল চাংমা, ছানডে বাৰ্থ আৰু ৮ বছৰীয়া কন্যা জেছমিন ডি চাংমাৰ সন্মুখত এতিয়া কেৱল অনিশ্চয়তা। যোৱা বছৰৰ ১৭ অক্টোবৰত তিনি নাবালকে হেৰুৱাইছিল তেওঁলোকৰ মাতৃক। তাৰ পাছত পিতৃৰ উপস্থিতিক সাৰথি কৰি জীয়াই আছিল তিনিও। কিন্তু এতিয়া পিতৃও অথৰ্ব।

শয্যাশায়ী দেউতাকৰ কাষত ছাঁটোৰ দৰে লাগি ফুৰিছে…

ভয়ংকৰ দুৰ্ঘটনাত দুয়োভৰি হেৰুৱাই পৰি আছে হাস্পতালৰ বিছনাত। কিছুদিন আগলৈকে পৰিচয়হীন এজন দুৰ্ভগীয়া লোক হিচাপে চিহ্নিত যোছেফ মাৰাকৰ কাষত এতিয়া ভালেমান শুভাকাংক্ষী ঠিয় হৈছে। তেওঁক যৎপৰোনাস্তি সকলো চিকিৎসা প্ৰদানৰ চেষ্টা কৰা হৈছে জিএমচিএইচৰ পৰা। চৰকাৰে তেওঁক সুস্থ কৰি তোলাৰ বাবে দায়বদ্ধতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁৰ কাষত ঠিয় দিছে স্বেচ্ছাসেৱী সংগঠনৰ সহৃদয় লোকো। কিন্তু এই সকোলৰে ঊৰ্ধ্বত অৱস্থান কৰা খবৰটো হৈছে যে, যোছেফ মাৰাকৰ কাষত এতিয়া আছে তেওঁৰ দুই পুত্ৰ ৰাফেল আৰু ছানডে বাৰ্থ। ৰাফেল যোছেফৰ জ্যেষ্ঠ সন্তান। নংগানবিব্ৰা গাঁৱৰ ছেৰ’নিংমেনজা ছেকেণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰাফেলৰ ওচৰ-চুবুৰীয়াই অলপ টকা-পইচা সংগ্ৰহ কৰি দেউতাকক সুশ্ৰুষা কৰিবলৈ পঠিয়াইছে গুৱাহাটীলৈ। তেওঁৰ সৈতে আহিছে তেওঁৰ ভাতৃও।

সেউজীয়া টি-চাৰ্ট এটা পিন্ধি খাদ্য বিতৰণ কৰি আছে যোছেফ মাৰাকৰ বৰপুত্ৰ ৰাফেল চাংমাই

মাতৃহাৰা দুই কিশোৰে এতিয়া শয্যাশায়ী দেউতাকৰ কাষত ছাঁটোৰ দৰে লাগি ফুৰিছে। প্ৰথমে বিশাল জিএমচিএইচলৈ আহি একো উৱাদিহ নোপোৱা ৰাফেলে এতিয়া পৰিৱেশৰ সৈতে সহজ হৈ উঠিছে আৰু পিতৃক পৰিচৰ্যা কৰাৰ গধুৰ দায়িত্বও গ্ৰহণ কৰিছে। জীৱনৰ কঠিন পৰীক্ষা আৰু ভয়াৱহ দুৰ্যোগে যেন তেওঁৰ বয়স বহু বঢ়াই দিছে কেইদিনমানতে। ভায়েকে অৱশ্যে এতিয়া বিশেষ আওভাও পোৱা হোৱা নাই। গাৰো পাহাৰৰ গাঁৱৰ পৰা আহি আচহুৱা মানুহ, আচহুৱা পৰিৱেশ, আচহুৱা ভাষাই হতচকিত কৰিলেও তেৱোঁ পিতৃৰ কাষ এৰা দিয়া নাই।
ৰাফেলে এতিয়া ভৱিষ্যতৰ চিন্তা কৰিব জনা হৈছে।

ৰাজপথত মৃতপ্ৰায় অৱস্থাৰ পৰা আহি হাস্পতালত নতুন জীৱন পোৱালৈ এই যোছেফ মাৰাক এই কাহিনীৰ এটা সুখকৰ আৰু নিশ্চয়তাপূৰ্ণ সামৰণি সকলোৱে এটা আশা কৰিছে।

সংবাদ মাধ্যমৰ আগত তেওঁ ক’ব পৰা হৈছে, ‘মাৰ মৃত্যুৰ পাছত দেউতা ভাঙি পৰিছিল। এতিয়া আৰু বেছি বেয়া অৱস্থা হ’ব। আমি এতিয়া কেনেকৈ চলিম। দেউতাই গাঁৱত থাকোঁতেও দিন হাজিৰা কৰিছিল। তেতিয়া দিনে ৫০০টকা মানকৈ পাইছিল। গুৱাহাটীলৈ আহিলে বেছি টকা পাব বুলি এদিন আমাক নোকোৱাকৈ গুৱাহাটীলৈ গুচি আহিছিল। কিন্তু এতিয়া কি হ’ব আমাৰ?’ এই অনিশ্চয়তা আৰু কাৰুণ্যৰ বুকুত লৈ ৰাফেল চাংমাই দেউতাকক সুশ্ৰুষা কৰি গৈছে। কেৱল এয়াই নহয় তেওঁক আনক সহায় কৰিবলৈও শিকিছে এইকেইটা দিনতে। শুকুৰবাৰে ৰাফেলে চাংমাই ‘ৰেইনড্ৰপছ’ নামৰ স্বেচ্চাসেৱী সংগঠনটোৰ সৈতে মিলি মানুহক সহায়ো কৰিবলৈ লৈছে। এই বিষয়ে এক মনোৰম অভিজ্ঞতাৰ কথা লিখিছে ৰেইনড্ৰপছৰ আবিদ আজাদে, ‘সেউজীয়া টি-চাৰ্ট এটা পিন্ধি এজন ল’ৰাই আমাৰ সৈতে এইকেইদিন খাদ্য বিতৰণ কৰি আছে।

গাঁৱত থাকোঁতেও দিন হাজিৰা কৰিছিল। তেতিয়া দিনে ৫০০টকা মানকৈ পাইছিল। গুৱাহাটীলৈ আহিলে বেছি টকা পাব বুলি এদিন আমাক নোকোৱাকৈ গুৱাহাটীলৈ গুচি আহিছিল। কিন্তু এতিয়া কি হ’ব আমাৰ?’

ল’ৰাজন আন কোনো নহয়, যোছেফ মাৰাকৰ বৰপুত্ৰ ৰাফেল চাংমা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পিতৃৰ এটেনডেন্ট হিচাপে থকা তাৰ এসপ্তাহ মান হ’ল। প্ৰথম তিনি-চাৰিটা দিন GMCH ৰ তলা-নলা একো ধৰিব নোৱাৰি বাৰে বাৰে হাবাথুৰি খাইছিল। কিন্তু এতিয়া চিনি পোৱা হৈছে ৱাৰ্ড আৰু কৰিড’ৰবোৰ। সন্ধিয়া নিজৰ আৰু ভায়েকৰ ভাগৰ খাদ্যৰ পেকেট নিবলৈ আহি অইন এটেনডেন্টসকলক খাদ্য বিতৰণ কৰাত নিজে আগবাঢ়ি আহি আমাক সহায় কৰি দিয়ে।’ দুৰ্যোগৰ অন্ধকাৰৰ মাজত এয়াও এক আশাৰ খবৰেই নহয়নে?

অসমৰ ৰাইজ আৰু একাংশ মিডিয়াই দেখুওৱা তৎপৰতাৰ বাবেই আজি এজন নামহীন সাধাৰণ শ্ৰমিকৰ বাবে এয়া সম্ভৱপৰ হৈছে। যোছেফ মাৰাক এতিয়া আৰু GMCHৰ ‘unknown’ ৰোগী হৈ থকা নাই।


ইফালে যোছেফ মাৰাক সম্পৰ্কতো নতুন খবৰ দি আজাদে কয়, ‘তেওঁক আগৰ সাধাৰণ ICU ৰ পৰা স্পেচিয়েল নতুন আইচিইউ লৈ দুদিন পূৰ্বে স্থানান্তৰিত কৰা হৈছিলে। অসমৰ ৰাইজ আৰু একাংশ মিডিয়াই দেখুওৱা তৎপৰতাৰ বাবেই আজি এজন নামহীন সাধাৰণ শ্ৰমিকৰ বাবে এয়া সম্ভৱপৰ হৈছে। যোছেফ মাৰাক এতিয়া আৰু GMCHৰ ‘unknown’ ৰোগী হৈ থকা নাই। নতুন ICU ত নিজৰ নামতে তেওঁ এতিয়া চিকিৎসা লাভ কৰি আছে। অৱস্থাও পূৰ্বতকৈ ভালেখিনি উন্নত হৈছে।’ ৰাজপথত মৃতপ্ৰায় অৱস্থাৰ পৰা আহি হাস্পতালত নতুন জীৱন পোৱালৈ এই যোছেফ মাৰাক এই কাহিনীৰ এটা সুখকৰ আৰু নিশ্চয়তাপূৰ্ণ সামৰণি সকলোৱে এটা আশা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular