spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকতিনি সন্তানক নিঠৰুৱা কৰি প্ৰাণ হেৰুৱালে যোছেফ মাৰাকে, কি হ’ব ‘হত্যাকাৰী’ ৰাজকন্যাৰ?

তিনি সন্তানক নিঠৰুৱা কৰি প্ৰাণ হেৰুৱালে যোছেফ মাৰাকে, কি হ’ব ‘হত্যাকাৰী’ ৰাজকন্যাৰ?

ডিজিটেল ডেস্ক : অৱশেষত সংঘটিত হ’ল সেই অবাঞ্চিত, কৰুণ ঘটনা। হাস্পতালৰ বিছনাত মৰণ যন্ত্ৰণাৰে যুঁজ কৰি কৰি অৱশেষত হাৰ মানিলে যোছেফ মাৰাকে। সেইজন যোছেফ মাৰাক, যাৰ দুয়োখন ভৰি কাঢ়ি লৈছিল ৰাজকন্যা বৰুৱা নামৰ উদণ্ড মডেলগৰাকীয়ে। নিশা সুৰাৰ পাৰ্টী কৰি মাতাল অৱস্থাত গাড়ী চলাই ৰাজকন্যাই ৰাজপথলৈ নমাই আনিছিল বিভীষিকা। নগৰাকী লোকক মহতীয়াই নিছিল ৰাজকন্যা বৰুৱাই। তাৰ ভিতৰত এজন আছিল এই যোছেফ মাৰাক। ৰাজকন্যাৰ গাড়ীৰ চেপাত এখন ভৰি ঘটনাস্থলীতে ছিঙি গৈছিল যোছেফ নামৰ শ্ৰমিকজনৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনখন ভৰি চিকিৎসকে কাটি পেলাবলগীয়া হৈছিল অস্ত্ৰোপচাৰেৰে। তাৰ পাছতো প্ৰৱল ইচ্ছাশক্তি আৰু মনোবলেৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাণপণ যুঁজ কৰি গৈছিল যোছেফ মাৰাকে

যন্ত্ৰণাত ছটফটাই ছটফটাই মৃত্যু হ’ল যোছেফ মাৰাকৰ

হাস্পতালৰ বিছনাত অথৰ্বপ্ৰায় শৰীৰেৰে পৰি থকাৰ পাছতো তেওঁ আশা কৰিছিল সুস্থ হৈ ঘৰলৈ ঘূৰি যোৱাৰ। মাতৃহাৰা দুই নাবালক পুত্ৰৰ সাৰথি হোৱাৰ। পিছে নিষ্ঠুৰ নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। জিএমচিএইচৰ বিছনাতে যন্ত্ৰণাত ছটফটাই ছটফটাই মৃত্যু হ’ল যোছেফ মাৰাকৰ। ১ অক্টোবৰৰপৰা চিকিৎসাধীন হৈ আছিল যোছেফ মাৰাক। পৰিচয়হীন ৰোগী হিচাপে হাস্পতালত ভৰ্তি কৰোঁৱা যোছেফৰ কাষত পাছলৈ ঠিয় দিছিল ভালেমান সহৃদয় লোক। চৰকাৰ তথা জিএমচিএইচ কৰ্তৃপক্ষয়ো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছিল যোছেফৰ চিকিৎসাৰ বিষয়টোক। আইচিইউত তেওঁক উন্নত মানৰ চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও তেওঁৰ জীৱন ৰক্ষা সম্ভৱ হৈ নুঠিল। তেওঁক নতুন এটা জীৱন দিবলৈ বিভিন্নজনে কৰা চেষ্টা অথলে গ’ল। কৃত্ৰিম ভৰিৰ যোগান ধৰি পুনৰ তেওঁক খোজকঢ়িব পৰা কৰাৰ তথা পুনৰ শ্ৰম কৰি জীৱন নিৰ্বাহ কৰিব পৰা কৰাৰ সকলো চেষ্টা অথলে গ’ল। ৰাজকন্যাৰ দৰে অবিবেচক আৰু দায়িত্বহীন এগৰাকী যুৱতীৰ দুষ্কাৰ্যৰ বলি হৈ থানবান হৈ গ’ল এখন ঘৰ।


যোছেফ মাৰাকৰ তিনি সন্তান ৰাফেল চাংমা, ছানডে বাৰ্থ আৰু ৮ বছৰীয়া কন্যা জেছমিন ডি চাংমাৰ সন্মুখত এতিয়া অন্ধকাৰ। কিয়নো ভৰি দুখন নাথাকিলেও পিতৃ তথা অভিভাৱক হিচাপে যোছেফ ইমানদিনে আছিল তেওঁলোকৰ সৈতে। আজিৰ পৰা সেয়াও শেষ হৈ গ’ল। উল্লেখ্য যে, যোৱা বছৰৰ ১৭ অক্টোবৰত তিনি নাবালকে হেৰুৱাইছিল তেওঁলোকৰ মাতৃক। তাৰ পাছত পিতৃৰ উপস্থিতিক সাৰথি কৰি জীয়াই আছিল তিনিও। কিন্তু এতিয়া পিতৃও হেৰাই গ’ল আৰু তেওঁলোক হৈ পৰিল ঘাটমাউৰা। বুধবাৰে পুৱাৰ ভাগতে মৃত্যু হৈছিল যোছেফ মাৰাকৰ। কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ’ল সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও বিগত কেইবাদিনো ধৰি তেওঁ খোৱা-বোৱা কৰিব পৰা নাছিল বুলি এটা সূত্ৰৰপৰা জানিব পৰা গৈছে। মাৰাকৰ দুই পুত্ৰই পিতৃৰ পৰিচৰ্যাৰ বাবে অচিন-অজান মাহানগৰত আহি উপস্থিত হৈছিল। কিন্তু বৰপুত্ৰ ৰাফেল হাইস্কুলৰ পৰীক্ষা দিবলৈ উভতি গৈছিল। যোছেফৰ কাষত আছিল ১৩-১৪ বছৰীয়া সৰু পুত্ৰ ছানডে বাৰ্থ।

পিছে পিতৃৰ এই আকস্মিক বিয়োগত এতিয়া দিশহাৰা হৈ পৰিছে ছানডে বাৰ্থ। কান্দি-কাটি অস্থিৰ হৈ পৰা ছানডেৰ সাহস দিবলৈ আৰু যোছেফ মাৰাৰক মৃতদেহ বাঘমাৰা নাঙলবিপ্ৰালৈ লৈ যাবলৈ এতিয়া ওলাই আহিছে ‘ৰেইনড্ৰপছ’। ৰেইনড্ৰপছৰ তিনি কৰ্মী জুপিতৰা বসুমতাৰী, শিখা বৰুৱা, সুশান্তই ছানডে বাৰ্থক লগত লৈ যোছেফ মাৰাকৰ মৃতদেহ তেওঁৰ বাসগৃহলৈ নিয়াৰ দায়িত্ব লৈছে। সাময়িক উত্তেজনা, ৰঙীন জীৱনৰ নিচা তথা ৰাজকন্যা বৰুৱাৰ উদ্ভণ্ডালিয়ে প্ৰাণ কাঢ়ি নিয়া যোছেফ মাৰাকৰ এই পৰিণতি এক গভীৰ শোক আৰু কাৰুণ্য বিষয় হিচাপে বিবেচিত হৈছে। এতিয়া ‘হত্যাকাৰী’ ৰাজকন্যাক এই ঘটনাই বিচলিত কৰিব পাৰিব নে নাই, তেওঁ কঠোৰ শাস্তি বিহা হ’ব নে নাই সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিন্তু কৰুণ সত্যটো হৈছে যে, যি নকৰিলেও, ৰাজকন্যাক যি শাস্তি নিবিহিলেও এতিয়া আৰু যোছেফ মাৰাক উভতি নাহে। তিনি নাবালক সন্তানৰ মূৰৰ ওপৰৰ পৰা ধুমুহাই আঁতৰাই চালিখন আকৌ ঘূৰি নাহে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular