নিৰ্মীয়মান ভৱনৰপৰা পৰি মৃত্যু শ্ৰমিকৰ, দোষ ঢাকিবলৈ সাংবাদিককে দুৰ্ব্যৱহাৰ বিল্ডাৰৰ

0
191
মৃত্যু
নিৰ্মীয়মান ভৱনৰ নৱম মহলাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ

ডিজিটেল ডেস্কঃ মহানগৰীৰ সাতগাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিৰ্মীয়মাণ অট্টালিকাৰ ৯নম্বৰ মহলাৰ পৰা পৰি মৃত্যু এজন শ্ৰমিকৰ। মৃত্যু হোৱা শ্ৰমিকজনৰ নাম গণেশ দাস বুলি আমাৰ হাতলৈ খবৰ আহিছে। মহানগৰীৰ পাথৰকুঁৱেৰীৰ সাতগাঁও পথৰ এছএফএছ স্কুলৰ সমীপৰ ‘ৰুদ্ৰাক্ষ কুন্দন’ নামৰ অট্টালিকাত সংঘটিত হৈছে এই ঘটনা। ‘কোনোধৰণৰ সুৰক্ষা কবচ অবিহনে কাম কৰিছিল…’ বুলি অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে

মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকা ক্ষেত্ৰী, ডিমৰীয়াৰ বাসিন্দা আছিল গণেশ দাস। মহানগৰীৰ পাথৰকুঁৱেৰীৰ সাতগাঁও পথৰ ‘ৰুদ্ৰাক্ষ কুন্দন’ নামৰ এপাৰ্টমেণ্টত শ্ৰমিক হিচাপে কাম কৰি আছিল যুৱকজনে। সোমাবাৰে পুৱাৰ ভাগত গণেশ দাসে অট্টালিকাটোৰ ৯ মহলীয়া চাদৰ ওপৰত কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা বাগৰি পৰি থিতাতে নিহত হয়। ঘটনা সন্দৰ্ভত এপাৰ্টমেণ্ট কৰ্তৃপক্ষই সাতগাঁও আৰক্ষী থানাত খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। ইপিনে শ্ৰমিকজনৰ মৃত্যু হোৱা ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ দলক বিল্ডাৰজনৰ গুণ্ডাবাহিনীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মূলতঃ সুৰক্ষা কৱচ পৰিধান নকৰাৰ ফলত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে।