spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকসাংবাদিকৰ বিৰুদ্ধে দেশদ্ৰোহীৰ গোচৰ, কাৰ বিৰুদ্ধে অভিযোগ?

সাংবাদিকৰ বিৰুদ্ধে দেশদ্ৰোহীৰ গোচৰ, কাৰ বিৰুদ্ধে অভিযোগ?

ডিজিটেল ডেস্কঃ ‘সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ’-বুলি কোৱা হয়৷ সমাজৰ ‘দাপোণ’ হিচাপে গণ্য কৰা হয় সংবাদ মাধ্যমক৷ কিন্তু কোনো কোনো সময়ত সাংবাদিকৰ বিৰুদ্ধে বিভিন্ন অভিযোগো উত্থাপন হয়। আমালৈ অহা খবৰ অনুসৰি, এইবাৰ শিলচৰত সাংবাদিকৰ বিৰুদ্ধে দেশদ্ৰোহীৰ গোচৰ ৰুজু কৰা হৈছে৷ শান্তনু সূত্ৰধৰ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত ‘বৰাক বুলেটিন’ নামৰ এটি ৱেব প’ৰ্টেলৰ সাংবাদিক অনিৰ্বাণ ৰয়চৌধুৰীৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত একাধিক দেশদ্ৰোহীৰ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷

৬ ডিচেম্বৰত অনিৰ্বাণক সদৰ থানালৈ তলব কৰা হৈছে৷ প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰৰ পাছত ‘বৰাক বুলেটিন’ত প্ৰকাশিত এটা বাতৰিক কেন্দ্ৰ কৰি শিলচৰ সদৰ থানাত সাংবাদিক অনিৰ্বাণ ৰয় চৌধুৰীৰ বিৰুদ্ধে গোচৰ তৰে শান্তনু সূত্ৰধৰে৷ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দেশদ্ৰোহীৰ ধাৰাত গোচৰটো নথিভুক্ত কৰিছে৷

ইপিনে সংবাদিকৰ বিৰুদ্ধে এনেদৰে দেশদ্ৰোহী গোচৰ ৰুজুৰ ঘটনা লৈ কাছাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বৰাকৰ সাংবাদিকসকল৷ সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত আৰু মিছা গোচৰ অনিৰ্বাণৰ ওপৰত জাপি দিয়া হৈছে বুলি অভিযোগ তুলিছে সাংবাদিকসকলে৷ ঘটনাৰ প্ৰতিবাদত কাইলৈ শিলচৰৰ মধ্য চহৰ সাংস্কৃতিক ভৱনত এখনি সভা আহ্বান কৰিছে শিলচৰৰ সাংবাদিক সমাজে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular