spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকগুৱাহাটীত ২১সংখ্যক আন্তঃৰাষ্ট্রীয় লিঅ’ এক্সপ’; প্ৰশান্ত ৰাজগুৰু, মলয়া গোস্বামীলৈ বিশেষ সন্মান

গুৱাহাটীত ২১সংখ্যক আন্তঃৰাষ্ট্রীয় লিঅ’ এক্সপ’; প্ৰশান্ত ৰাজগুৰু, মলয়া গোস্বামীলৈ বিশেষ সন্মান

ডিজিটেল ডেস্কঃ পাঁচখন ৰাষ্ট্ৰৰ অংশগ্ৰহণৰে গুৱাহাটীত অনুষ্ঠিত হৈছে ২১ সংখ্যক লিঅ’ এক্সপ’। জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু যশস্বী অভিনেত্ৰী মলয়া গোস্বামীলৈ আগবঢ়োৱা হৈছে লিঅ’ এক্সপ’ৰ বিশেষ সন্মান। ‘প্ৰাগ নিউজ’ৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুলৈ লিঅ’ এক্সপ’ সাংবাদিক সন্মান আৰু অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীলৈ লিঅ’ এক্সপ’ শিল্পীসন্মান আগবঢ়োৱা হৈছে। 

সংবাদ আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে দুয়োগৰাকী ব্যক্তিলৈ এই সন্মানেৰে সন্মানীত কৰা হৈছে। মঙলবাৰে মহানগৰীৰ পাণবজাৰৰ হোটেল মে’ফ্লাৱাৰত প্ৰদান কৰা হয় এই বঁটা। বিশিষ্ট ব্যক্তিদুগৰাকীক বঁটাৰ সৈতে এখন মান পত্ৰ, এখন চেলেং আৰু নগদ এক লাখ টকাৰ চেক প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে সংগীতশিল্পী মনিষা হাজৰিকাই। 

‘প্ৰাগ নিউজ’ক নেতৃত্ব প্ৰদান কৰিছে অসমৰ সংবাদ জগতৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ প্ৰতিনিধি প্ৰশান্ত ৰাজগুৰুৱে। ছপা মাধ্যমত দীৰ্ঘকাল সাংবাদিকতা কৰা ৰাজগুৰু আছিল ‘আমাৰ অসম’ কাকতৰ সম্পাদক। এগৰাকী সংবেদনশীল সৃজনীশীল লেখক তথা অতি শক্তিশালী স্তম্ভ লেখক হিচাপে ৰাজগুৰুৱে ইতিমধ্যেই অসমীয়া সাংবাদিকতা আৰু সাহিত্যত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। এগৰাকী তীক্ষ্ণধী ৰাজনৈতিক বিশ্লেষক তথা সামাজিক পৰিস্থিতিৰ সূক্ষ্ম নিৰীক্ষক হিচাপেও তেওঁৰ আছে বিশেষ খ্যাতি। ভালেমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি অৰ্জন কৰা প্ৰশান্ত ৰাজগুৰুৱে ৰ’টাৰী ইণ্টাৰনেচনেল পীচ ফেল’  হিচাপে দায়িত্ব পালন কৰি আছে। 

উল্লেখ্য যে, গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অহা ২২ নৱেম্বৰলৈ চলিব ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’। ভাৰতৰ লগতে পাঁচখন বিদেশী ৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকা, আফগানিস্তান, ইৰান, থাইলেণ্ড আৰু বাংলাদেশৰ ভালেসংখ্যক বিপণীয়ে ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ত অংশগ্ৰহণ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular