spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeৰাষ্ট্ৰীয়প্ৰাতঃভ্ৰমণলৈ যোৱা ন্যায়াধীশৰ দুৰ্ঘটনাত মৃত্যু! চিচি টিভিত বন্দী চাঞ্চল্যকৰ দৃশ্য

প্ৰাতঃভ্ৰমণলৈ যোৱা ন্যায়াধীশৰ দুৰ্ঘটনাত মৃত্যু! চিচি টিভিত বন্দী চাঞ্চল্যকৰ দৃশ্য

ধানবাদ : ঝাৰখণ্ডৰ ধানবাদত এগৰাকী ন্যায়াধীশৰ দুৰ্ঘটনাত হোৱা মৃত্যুৱে সম্প্ৰতি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল ধানবাদৰ অতিৰিক্ত জিলা ন্যায়াধীশ উত্তম আনন্দৰ। প্ৰথমে তেওঁৰ মৃত্যু দুৰ্ঘটনাজনিত বুলি ধাৰণা কৰা হৈছিল যদিও চিচি টিভিত বন্দী হোৱা তেওঁৰ দুৰ্ঘটনাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয়। এই ঘটনাই এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া গছকিছে।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই সন্দৰ্ভত কয় যে, তেওঁ ঝাড়খণ্ড উচ্চ ন্যায়ালয়ৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে। ঘটনাটো লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে তেওঁ এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। চিচি টিভিত বন্দী হোৱা দৃশ্যত দেখা গৈছে প্ৰাতঃভ্ৰমণৰত ন্যায়াধীশগৰাকীক পিছফালৰ পৰা অহা এখন টেম্ব’ৱে ইচ্ছাকৃতভাৱে খুন্দা মাৰি ওফৰাই দিছে।

বাহনখনে পথৰ কাষেৰে গৈ থকা উত্তম আনন্দৰ ফালে তীব্ৰবেগে গতিপথ সলনি কৰি অহা আৰু ইচ্ছাকৃতভাৱে খুন্দা মাৰি স্বাভাৱিক গতিৰে আঁতৰি যোৱা দেখা গৈছে। পূৰ্ব পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ ভিডিঅ’টোৱে সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে টেম্প’খনৰ চালকসহ আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে পুৱা প্ৰায় ৫বজাত এই ঘটনা সংঘটিত হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular