spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিকজি পি সিঙৰ টুইটৰ সৈতে ক'লা ল'ৰাৰ মৃত্যুৰ সম্পৰ্ক কি ?

জি পি সিঙৰ টুইটৰ সৈতে ক’লা ল’ৰাৰ মৃত্যুৰ সম্পৰ্ক কি ?

ডিজিটেল ডেস্ক : ‘সকলো কাৰ্যৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে।’ ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ এটা টুইটে আজি বিশেষ চৰ্চা লাভ কৰিছে। এজন ভয়ংকৰ অপৰাধীৰ আকাংক্ষিত, অৱধাৰিত শেষ পৰিণতিৰ কথা প্ৰকাশ কৰি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে এই টুইট কৰে। যোৰহাটৰ অনিমেষ বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ লওঁত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ পাছতে এই টুইট কৰে সিঙে। এজন নৃশংস আৰু দাগী অপৰাধীৰ এই পৰিণতিৰ পাছত এতিয়া সকলোকে সকাহ লাভ কৰা পৰিলক্ষিত হৈছে। আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ ঘটনাক লৈ একাংশই প্ৰশ্ন উত্থাপনো কৰিছে আৰু আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীয়ে পলোৱাৰ বা পলাবলৈ চেষ্টা কৰাৰ ধাৰাবাহিক ঘটনাক লৈ প্ৰশ্ন তুলিছে যদিও নীৰজ দাসে যি জঘন্য অপৰাধ সংঘটিত কৰিছিল তাৰ প্ৰতিফল এনেদৰে পোৱাটোক বহুতেই কালৰ বিচাৰ বুলি অভিহিত কৰিছে।


যোৰহাটৰ ঘটনাৰ মূল অভিযুক্তৰ পৰিণতিৰ পাছতে এতিয়া অনিমেষৰ প্ৰতি এয়া শ্ৰদ্ধাঞ্জলি বুলি চিহ্নিত কৰিছে বহুতেই। উল্লেখ্য যে, একাংশ মানুহৰ নৃশংসতা আৰু পুনৰ বৰ্বৰতাৰ দুৰ্ভগীয়া সাক্ষী হ’বলগীয়া হৈছিল আমাৰ সমাজ। সামান্য অজুহাততে এজন তেজোদ্বীপ্ত যুৱকক নৃশংসভাৱে মৰিয়াই হত্যা কৰিছিল একাংশ পৈশাচিক প্ৰবৃত্তিৰ লোকে। অপৰাধ প্ৰৱণতাৰে বিষাক্ত মন-মানসিকতাৰ একাংশ লোকৰ হেৰুৱাইছিল প্ৰাণ হেৰুৱালে অনিমেষ ভূঞা নামৰ যুৱকজনে। যোৰাহাটক ঠাকুৰবাৰী অঞ্চলত সংঘটিত এই ঘটনাক লৈ সমগ্ৰ ৰাজ্য বুৰ গৈছিল শোক সাগৰত। প্ৰত্যক্ষদৰ্শীয়ে দিয়া বিৱৰণ অনুসৰি ঘটনাৰ দিনা দুৰ্ভগীয়া অনিমেষে তেওঁৰ আন দুজন বন্ধু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ সৈতে যোৰহাটলৈ বজাৰ কৰিবলৈ আহিছিল।

তেওঁলোক আহি এটা ঠাইত গাড়ী ৰখোৱাৰ পাছতে তেওঁলোকে এজন লোকক স্কুটীৰে আহি তেওঁলোকক গাড়ীৰ কাষতে বাগৰি পৰা দেখে। তেওঁলোকে লোকজনক সহায় কৰিবলৈ আগুৱাই যায়। লোকজন সুৰামত্ত হৈ আছিল বুলি জানিব পৰা গৈছে। সেই মুহূৰ্ততে একাংশ যুৱকে আহি এওঁলোক তিনিও দুৰ্ঘটনা সংঘটিত কৰা বুলি অভিযোগ কৰি আক্ৰমণ আৰম্ভ কৰি দিয়ে। প্ৰথমে দুই এজনকৈ আহি তেওঁলোকক প্ৰহাৰ কৰা আৰম্ভ কৰে আৰু নিমিষতে ৰহস্যজনকভাৱে বহু যুৱকৰ সেই স্থানত সমাগত ঘটে আৰু তিনিওকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

আক্ৰমণকাৰীৰকেইজনৰ ভিতৰত বহু ড্ৰাগছ সেৱনকাৰী যুৱকো আছিল বুলি স্থানীয় লোকে সদৰি কৰিছে। যুৱকৰ দলটোৰ আক্ৰমণ বাকী দুজনৰ প্ৰাণ ৰক্ষা পৰিল যদিও অনিমেষে শেষ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। মৃদষ্মন্ত আৰু প্ৰণয়ে অনিমেষত উদ্ধাৰ কৰি আঁতৰাই নিবলৈ চেষ্টা কৰিছিল যদিও উন্মত্তপ্ৰায় যুৱকৰ দলটোৰ আক্ৰমণৰ পৰা তেওঁক বছাব নোৱাৰিলে। গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক আছিল অনিমেষ।

সপোনপ্ৰেমী, সংগীতপ্ৰেমী অনিমেষৰ সকলো সপোন নিমিষতে ধূলিস্যাৎ

সমাজ হিতৈষী এই যুৱকজন আছিল স্বপ্ন বিলাসী এজন যুৱক। ফেচবুকত নিজৰ পৰিচয় দাঙি ধৰি তেওঁ লিখা কথাকেইটাই বিশেষ তাৎপৰ্য বহন কৰে। তেওঁ নিজৰ পৰিচয় দিছে, ‘সপোনপ্ৰেমী’, ‘সংগীতপ্ৰেমী’ বুলি। এইগৰাকী সপোনপ্ৰেমী, সংগীতপ্ৰেমী অনিমেষৰ সকলো সপোন নিমিষতে ধূলিস্যাৎ কৰি পেলালে এটা দুৰ্বৃত্তৰ দলে। আৰক্ষীয়ে এই ঘটনাত ৫০জনৰো অধিক দুৰ্বৃত্ত জড়িত আছিল বুলি প্ৰকাশ পাইছিল যদিও ইয়াৰে ১৩জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এই ১৩জনৰ ভিতৰত মূল অভিযুক্ত নীৰজ দাসৰ মৃত্যুৱে যেন কৰ্মফলৰ ধাৰাণাকে পুনৰ সোঁৱৰাই দিলে।


মন কৰিবলগীয়া কথাটো হৈছে যে, নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ বাবে অপৰাধ যেন ভাতৰ লগত পানী খোৱাৰ দৰে কথা। ড্ৰাগছৰ পৰা গুণ্ডাৰাজলৈ সকলোতে হাত দিছিল এই দুৰ্ধৰ্ষ অপৰাধীজনে। যোৰহাটৰ বাবে যেন এটা আতংকৰ নাম হৈ পৰিছিল নীৰজ দাস। তেওঁ বিৰুদ্ধে ৯০টাকৈ গোচৰ ৰুজু হৈ থকা বুলিও প্ৰকাশ পাইছে সংবাদ মাধ্যমত। এই অপৰাধীজনৰ এই পৰিণতিক লৈ সেয়ে কোনেও আক্ষেপ কৰা নাই। সমাজক অপৰাধ আৰু অপৰাধীমুক্ত কৰাৰ বাবে আৰক্ষী আৰু ন্যায়ব্যৱস্থাৰ কঠোৰতা অতি প্ৰয়োজনীয় কথা।

নীৰজ দাস

কিন্তু নীৰজ দাসৰ দৰে অপৰাধীৰ বাবে নিয়তিয়ে যেন নিজেই নিৰ্ধাৰণ কৰিলে শাস্তি। অসমৰ অগণিত লোকে এই নৃশংস অপৰাধীজনৰ মৃত্যু কামনা কৰি বিগত দিনকেইটাত কৰি অহা প্ৰাৰ্থনা যেন শুনিলে নিয়তিয়ে। অনিমেষৰ হাঁহিভৰা মুখখন আৰু সপ্ৰতিভ চেহেৰাটো হেৰাই গ’ল, বহু সপোনৰ জ্যোতি নিৰ্বাপিত হৈ গ’ল কিন্তু নীৰজ দাসৰ দৰে অপৰাধী সমাজৰ কলংকৰ চিন হৈ ৰৈ গ‘ল এইকথা যেন সহ্য নহ’ল নিয়তিৰো। সেইবাবে নিয়তিৰি নিদানতে যেন সমাজৰ পৰা নিঃশেষ হ’ল এটা ভয়ংকৰ মহামাৰীৰ! মৃত্যুৱে কাকো সুখী নকৰে কিন্তু সকাহ কেনেকৈ দিব পাৰে সেয়া যেন আজি সকলোৱে অনুভৱ কৰিলে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular