Google search engine
26 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeব্ৰেকিং নিউজ‘গৌৰৱ ল’ৰা ৰজা, দেৱব্ৰত নিমাতী কন্যা’ : দলত্যাগ কৰি নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰণ...

‘গৌৰৱ ল’ৰা ৰজা, দেৱব্ৰত নিমাতী কন্যা’ : দলত্যাগ কৰি নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰণ কল্যাণ গগৈৰ

গুৱাহাটীঃ নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ দলত আৰম্ভ হৈছে খহনীয়া৷ আজি কংগ্ৰেছ পদত্যাগৰ পাছতে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (এপিচিচি)ৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে। মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা সাংসদ গৌৰৱ গগৈক ‘ল’ৰা ৰজা’ আখ্যা পদত্যাগী নেতাগৰাকীৰ। ল’ৰা ৰজাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বহুতক অংগক্ষত কৰাৰ দৰে গৌৰৱ গগৈয়েও বহুতক কৰিছে বুলি ক্ষোভ প্ৰকাশ নেতাগৰাকীৰ।

আৰু পঢ়িব পাৰিব : বৰপেটাত এছএছটিৰ অভিযানত ধনসহ আটক ৩ ধৃত


আনহাতে কংগ্ৰেছত ধনৰ বিনিময়তহে প্ৰাৰ্থিত্ব দিয়া হৈছে বুলিও অভিযোগ আনিছে কল্যাণ গৈগৈয়ে। ইফালে দলৰ বিশৃংখলতা দেখিও দেৱব্ৰত শইকীয়াই ‘নিমাতী কন্যা’ৰ ভাও ধৰাৰ লগতে ৰিপুন বৰাক এজন মেৰুদণ্ডহীন নেতা বুলিও মন্তব্য কৰে। কংগ্ৰেছত বৰ্তমান লবীকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ পৰা বুলিও ক্ষোভ প্ৰকাশ কৰে নেতাজনে। অসমৰ চাৰিগৰাকী কংগ্ৰেছী নেতাক ‘বীৰা’ৰ লগত তুলনা কৰিছে পদত্যাগী নেতাগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যু মহিলাৰ

টিকটৰ বিনিময়ত বহু নেতাৰপৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা বুলিও চাৰিজনৰ বিৰুদ্ধে অভিযোগ আনিছে। লগতে এআইইউডিএফৰ লগত কৰা মিত্ৰতা এক ঐতিহাসিক ভুল বুলিও কল্যাণ গগৈয়ে সংবাদ মাধ্যমৰ আঘত ক্ষোভ প্ৰকাশ কৰে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
98 %
1.2kmh
100 %
Tue
26 °
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular