spot_img
15.8 C
Guwahati
15.8 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআন্তঃৰাষ্ট্ৰীয়বাইডেনে ৮৫ মিনিটৰ বাবে হোৱাইট হাউচ এৰিছিল কিয়?

বাইডেনে ৮৫ মিনিটৰ বাবে হোৱাইট হাউচ এৰিছিল কিয়?

ডিজিটেল ডেস্কঃ শুকুৰবাৰে প্ৰায় ডেৰ ঘণ্টাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। ইয়াৰদ্বাৰা কমলা হেৰিছ কিছু সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা আমেৰিকাৰ প্ৰথমগৰাকী মহিলাৰূপে পৰিগনিত হয়। কমলা হেৰিছক ৮৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতি পদৰ অধিকাৰ দিয়া হয় বুলি হোৱাইট হাউচে জনায়।

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এক বিশেষ স্বাস্থ্য পৰীক্ষাৰ বাবে ৱাল্টাৰ ৰীড নেশ্যনেল মিলিটেৰী মেডিকেল চেণ্টাৰত ভৰ্তি হয়। শুকুৰবাৰে বাইডেনক কলন’স্কপিৰ বাবে এনাস্থেচিয়া দিয়া হয় আৰু সেই সময়খিনিৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতিৰ ক্ষমতা অৰ্পন কৰা হয়। বাইডেনে স্থানীয় সময় অনুসৰি পুৱা ১০:১০ বজাত সংসদৰ নেতাসকলক ক্ষমতা হস্তান্তৰৰ কথা জনায় আৰু পুনৰ ১১:৩৫ বজাত ক্ষমতা ওভতাই লয়।

উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত জ’ বাইডেনে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল। চিকিৎসকে বাইডেনক সুস্থ আৰু ‘ৰাষ্ট্ৰপতিৰ কৰ্তব্য সফলতাৰে পালন কৰিব পৰাকৈ উপযুক্ত’ বুলি জনাইছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular